গোপন প্ৰেমৰ কবিতাত
আউল লগাইছে,
তোমালৈ মনত পৰে!
জীৱনৰ সমস্ত বেদনাত উচুপিছো
তোমাৰ সৈতে কটোৱা সময়বোৰ
সুৱৰিছো।
বৰ নিবিড় এই সম্পৰ্ক ;
জালুকবাৰীৰ গধূলি,
তুমি আৰু মই
আৱেগেৰে কটোৱা মধুময় ক্ষণ।
তোমাৰ মনত পৰেনে?
কৃষ্ণচূড়াৰ ফুলবোৰ দলিয়াই
ৰঙৰ ফাকু খেলিছিলা,
তোমাৰ বুকুত মূৰ থৈ
লিখিছিলোঁ প্ৰেমৰ কবিতা।
আজি নিস্ত্বদ্ধ সময়,
তুমি গলাগৈ বহু দূৰ দূৰলৈ!
এতিয়া মোৰ উদং
বুকুৰ পিৰালী
চূলিবোৰ ৰূপোৱালী,
ভাৱ গধূৰ দেহত
বয়সৰ আঁচোৰ!
কিন্ত মন মোৰ
তোমাতেই বিলীন।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ