সোণ"লৈ মাতৃৰ কথাৰে-মামণি বৰঠাকুৰ

©Admin
0
পুৱাৰ কাকত খন কʼৰবাতে ৰ'ল
চাহ কাপো আধাখোৱা হ'ল,
স্কুললৈ যাবৰ হ'ল।
টিফিন,ভাত,পানী সীমাহীন ব্যস্ততা
বছৰ বাগৰি সন্তানৰ আহিল সফলতা,
মোৰ সোণ ডাঙৰ মানুহ হ'ব
সমাজৰ,দেশৰ,দহৰ হকে ভাল কাম কৰিব!
কিমান যে সপোন!
ফুলৰ থোপা, গামোচাৰে সন্মান যাচে বিভিন্ন জনে!
ডাঙৰ কলেজ...
ডাঙৰ সপোন...
কিমান যে দৌৰিব লাগে,
নাম ভৰ্তি কৰিবলে!
পঢ়াবোৰ সময়তে কৰিবি,
বেয়া বস্তু মুখত নিদিবি,
নিশা হ'লে ওলাই নাযাবি,
বেয়া সংগ নলবি,
নেদেখা জনক মানিবি,
মানুহক মৰম কৰিবি,
সময়বোৰ ভয়াবহ হ'ল
ভালে কুশলে থাকিবি!
আলাসৰ লাড়ু মোৰ কলিজাৰ সোণ,
আজি কিয় এনেকৈ ঠগিলি
মৃতদেহ হৈ ঘূৰি আহিলি
চৌদিশে মৃত্যুৰ কিৰীলী
বৈছে ৰক্তৰ নদী
পোনাকন মোৰ...
কিয়নো ওলাই গৈছিলি
যেতিয়া জীৱজগতে লৈছিল জিৰণি
তই কিয় আদৰি ললি মৃত্যুৰ শেতেলী
শুনিছনে মোৰ হিয়াভঙা কান্দোন,
দেউতাৰ অসহায় কৰুণ মুখ
কেনেকৈ জীয়াই থাকিম এই নিষ্ঠুৰ ধৰা
শেষ হ'ল সকলো মোহ মায়া।
তোৰ কিতাপবোৰ
পঢ়া টেবুল খনত সিঁচৰতি হৈ পৰিছে
থাকক দে এনেকৈয়ে
শিক্ষাই যদি অজ্ঞান কৰে
যদিহে জীৱন উশৃঙ্খল কৰে
তেনে শিক্ষাৰ কিয়েইবা প্ৰয়োজন?
পাৰ যদি ঘূৰাই দে তোৰ শৈশৱ
মোৰ হিয়া জুৰুৱা ক্ষণবোৰ
দেউতাৰ ভাগৰিও নাভাগৰা তোৰ বাবে কৰা ত্যাগ
পাৰিবিনে ঘূৰাই দিব মোৰ ব্যস্ত সময়বোৰ?
কিয় এনে কৰিলি
মই হʼলো আজি এটি মাথোঁ
প্ৰস্তৰ মূৰ্তি।
*************************************

........... মামণি বৰঠাকুৰ/মৰাণ/ডিব্ৰুগড়।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)