জীৱনৰ সংগ্ৰাম-দেইজী কাৰ্খ বৰদলৈ

©Admin
0
জীৱন হৈছে এক সংগ্ৰাম,,
যিয়ে আমাক জীয়াই থকাৰ
সফলতা লাভ কৰিবলৈ
প্ৰেৰণা দিয়ে।
জীৱনৰ সফলতা কেৱল সেই
সকলেহে লাভ কৰে,,
যিসকলে সংগ্ৰামৰ বাবে
কেতিয়াও আতৰি নাযায়।
সংগ্ৰামেই ব্যাক্তিজনক
সুখ সমৃদ্ধি বৃদ্ধি কৰে।
যিসকলে প্ৰত্যাহ্বান দেখি
নিজৰ পথ সলনি কৰে,,
তেওঁলোক কেতিয়াও সফল হ'ব নোৱাৰে,
কাৰণ যʼত সংগ্ৰাম নাথাকে
তাত শক্তি নাথাকে আৰু
যʼত শক্তি নাথাকে
তাত কোনো প্ৰগতি নাথাকে।
নিজৰ সংগ্ৰামবোৰক আনৰ লগত কেতিয়াও তুলনা নকৰিব।
" হাঁহে পানীৰ ওপৰত
শান্তভাবে সাতুৰি থকা
যেন লাগিব পাৰে,,
কিন্তু সি অনবৰতে পানীৰ
তলত ভৰি দুখন লৰচৰ
কৰি থাকে।
গতিকে নিজৰ সংগ্ৰামক 
কেতিয়াও কাৰো লগত
তুলনা কৰা উচিত নহয়।
সদায় নিজৰ ওপৰত
বিশ্বাস ৰাখিব লাগে,
হয়তো এনেকুৱা এটা
দিন আহিব 
যত অৱহেলা কৰাবোৰে
আকৌ বিচাৰি আহিব ।
              

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)