মাইনাওশ্রী দৈমাৰীলৈ "যুৱ সাহিত্য অকাডেমী-২০২৩ বঁটা" - চিন্ময় ডেকা

©Admin
0
প্ৰতিবেদন, টংলা, চিন্ময় ডেকা, ২৪,জুন:-
সাম্প্রতিক ২০২২বৰ্ষৰ সাহিত্য অকাডেমীৰ যুৱ সাহিত্য অকাডেমী বঁটা ২৩,জুন শুক্ৰবাৰে ঘোষণা কৰা হয়৷  বড়ো ভাষাত ৰচিত কবিতা পুথি "সম জীউ আৰু" পুথিখনৰ বাবে ওদালগুৰি জিলাৰ অন্তৰ্গত কচুবিল (ডাউহাৰুখুলি) নিবাসী মাইনাওশ্রী দৈমাৰীলৈ আগবঢ়োৱা হৈছে ২০২৩বৰ্ষৰ সাহিত্য অকাডেমি যুৱ পুৰস্কাৰ।২০০৮ চনৰ পৰা কবিতা লিখা যুৱ সাহিত্যগৰাকীৰ প্ৰথম কবিতা পুথি খনৰ নাম হ'ল "ডাউহা মৌনচে ডাউহা মৌনছে খু্ংনা্ংগৌণ।" উল্লেখযোগ্য যে, এগৰাকী যুৱ বড়ো ভাষাৰ কবি, লেখক, অনুবাদক আৰু কবিতা প্ৰদৰ্শক মাইনাওশ্ৰীৰ ১৯৮৭ চনৰ ২৭ ছেপ্টেম্বৰত অসমৰ ওদালগুৰি জিলাৰ পানেৰী হাটৰ কচুবিল (দাওহাৰুখুলি) গাঁৱত মধ্যবিত্ত পৰিয়ালৰ শ্বহীদ ফ্ৰাদানা দৈমাৰী আৰু পূৰ্ণিমা দৈমাৰীৰ ঘৰত তেওঁৰ জন্ম হৈছিল। ১৯ এপ্ৰিল ১৯৯৮ত তেওঁ ষষ্ঠ শ্ৰেণীত পঢ়ি থকাৰ সময়ত দেউতাক শ্বহীদ ফ্ৰাদানা দৈমাৰী এনডিএফবিৰ হাতত প্ৰাণ দিব লগা হৈছিল। শ্বহীদ ফ্ৱাৰদানা দৈমাৰী এগৰাকী প্ৰখ্যাত ছাত্ৰ নেতা, লেখক আৰু লগতে ১৯৯৭ চনৰ পৰা মৃত্যুলৈকে দৰং জিলা অল বড়ো ষ্টুডেণ্টছ ইউনিয়নৰ সভাপতি আছিল। মাইনাওশ্রী দৈমাৰী ২০১৩ চনত ৰবিকচাৰী মেম’ৰিয়েল স্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল। তেওঁ ২০১৫ চনত নেচনেল পায়নীয়াৰ জুনিয়ৰ কলেজৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল। ২০১৮ চনত টংলা কলেজৰ পৰা কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰে। কোকৰাঝাৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ত অৰ্থনীতি বিজ্ঞান বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী সমাপ্ত কৰি পানেৰী মহাবিদ্যালয়ত সহযোগী অধ্যাপিকা হিচাপে কৰ্মৰত।স্কুলীয়া দিনৰ পৰাই কবিতা লিখি ভাল পোৱা মাইনাওশ্ৰীকৰ ৰচিত ‘দাওহা মৱন্সে খুংনাংগৌ ডং’ ২০১৯ চনত বড়ো সাহিত্য সভাই স্বীকৃতি প্ৰদান কৰে। উক্ত গ্ৰন্থ খন কোকৰাঝাৰৰ ৱৰ্ডছ এন ৱৰ্ডছৰ দ্বাৰা প্ৰকাশিত হৈছিল। ২০১৯ চনত কোকৰাঝাৰ জিলাৰ কোকৰাঝাৰ চহৰৰ 'ৱৰ্ডছ এন ৱৰ্ডছৰ' সৈতে সম্পৰ্কিত উদাংশ্ৰী প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত মাহেকীয়া আলোচনী উন্দাংশ্ৰী উন্দাংশ্ৰীৰ শ্ৰেষ্ঠ প্ৰবন্ধৰ বাবে তেওঁক "উদাংশ্ৰী লাইমৱন বান্থা" বঁটাৰে সন্মানিত কৰিছিল। য’ত তেওঁ নতুন লিখন কৌশল আৰু শৈলী ব্যৱহাৰে সকলো পাঠক সমাজক আপ্লুত কৰি আহিছে। ২০২৩বর্ষৰ বড়ো জনগোষ্ঠীয় ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা খবৰে সমগ্ৰ অসমবাসীৰ লগতে ওদালগুৰি জিলা, পানেৰী কচুবিলৰ ৰাইজে লেখিকা মাইনাওশ্ৰী দৈমাৰীক অভিনন্দনেৰে উপচাই তুলিছে। তেখেতৰ আদৰ্শৰে অনুপ্রাণিত হৈ উঠি অহা প্ৰজন্ম আগবাঢ়িলৈ সদায় বদ্ধপৰিকৰ হোৱাটো সমাজ তথা সাহিত্য সংস্কৃতিৰ দিশত প্ৰধানতঃ দায়িত্ব।
           
 ✍️চিন্ময় ডেকা 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)