সপোন আৰু কিমান দূৰ বাট- জ্যোতিষ্ক বৰুৱা

©Admin
0
কোনে জানে জীৱনৰ সঠিক খবৰ, 
সপোনৰ পম খেদি সফলতাক চুমুক দিয়াৰ চেষ্টাৰে…………
খোলা চকুৰে…
 বিচাৰি ফুৰো অনবৰতে 
জীৱনৰ সঠিক খবৰ ৷
জোনাকৰ বাটেৰে 
আহিবলগীয়া সময়লৈ
নিজকে আগুৱাৰ প্ৰয়াসত……৷
সপোনক পম খেদি বাস্তৱত …
ইয়াক পোৱাটো জানো…
 ইমান সহজ……???
পিছে সপোন আঁকিবলৈ
এচপৰা সাৰুৱা মাটিৰো প্ৰয়োজন  খোলা চকুৰ সপোনবোৰক…
 বুকুত বান্ধি কঢ়িয়াই লৈ ফুৰা জাক জাক ব্যক্তি এতিয়া…
ঘূৰি ফুৰে পৃথিৱীৰ চুকে-কোণে ।কাৰুণ্য আৰু আঘোণৰ সপোন…
 আৰু কিমান দূৰবাট …???
 
✍🏾 জ্যোতিষ্ক বৰুৱা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)