উভতি নহাৰ বাটেৰে ••দিপশিখা ৰাজকোঁৱৰ

©Admin
0
বহুতো সপোন আৰু বহু আশা
এৰি থৈ এবুকু বিষাদ দি
গুছি গলা তুমি দূৰণিৰ
নেদেখা দেশলৈ কন্দুৱাই আমাক।
মায়াময় জীৱনত তুমি
সাহস হৈ নাথাকিলা দেউতা
তোমাৰ স্মৃতি এৰি গুছি গলা
কেতিয়াও উভতি নহাৰ বাটেৰে ।
নিশা তোমাক সপোনত দেখো
জোনাক নিশা আকাশৰ তৰা গণো
সপোন ভাঙি যায় দেউতা
তোমাৰ কথাবোৰে আমনি কৰি
দুগালে চকুলো নিগৰাই।
জানানে দেউতা কেতিয়াবা
জীৱনৰ সৈতে যুঁজিবলৈ
শক্তি নোহোৱা হৈ পৰে
তোমাৰ ছায়া বিচাৰোঁ
অবুজন অভিমানী হিয়া হৈ
যদিও জানো তুমি উভতি নাহা
মৰমেৰে কেতিয়াও নামাতা
তুমিযে গুছি গলা চিৰদিনৰ বাবে
উভতি নহাৰ বাটেৰে।

✍️দিপশিখা ৰাজকোঁৱৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)