১৫ জুন হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৬৬তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৯৯টা দিন বাকী থাকে। বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ কেইটামান উল্লেখযোগ্য ঘটনা হ’ল -
১/আজিৰ দিনটোতে ১২১৫ চনত ইংলেণ্ডৰ ৰজা জনৰ ঐতিহাসিক মেগ্নাকাৰ্টা চনদত সন্মতি দান কৰে। এই চনদৰ জৰিয়তে ইংলেণ্ডত ৰজাৰ শাসত আইনৰ শাসন স্বীকৃত হয়।
২/আজিৰ দিনটোতে১৯২৯ চনত ভাৰতীয় অভিনেত্ৰী আৰু গায়িকা সুৰাইয়াৰ জন্ম হৈছিল।
২/ আজিৰ দিনটোতে ১৯৩২ চনত অসমীয়া গল্পকাৰ, ঔপন্যাসিক আৰু শিক্ষাবিদ লক্ষ্মীনন্দন বৰাৰ জন্ম হৈছিল।
৩/ আজিৰ দিনটোতে ১৯৪৩ চনত গোলাঘাটৰ স্বাধীনতা সংগ্ৰামী আৰু গোলাঘাট জিলা কংগ্ৰেছৰ সম্পাদক, ভাৰতৰ স্বাধীনতা আন্দোলনত জঁপিয়াই পৰি ফাঁচিকাঠ বৰণ কৰা অসমৰ শেষৰজন শ্বহীদ কুশল কোঁৱৰৰ মৃত্যু হৈছিল।
৪/ আজিৰ দিনটোতে শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি দিৱস।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ