ভাত পানী খাই বৰুণ বিছনাত উঠিল ।আজিও সেই একেই কাম ।বৰুণ এগৰাকী অভিযন্তা ।আঠুৱা খনৰ ওপৰত আইৰ নীলা চাদৰ খন দিলে ।
তাকে দেখি পত্নীয়ে ক'লে
"আপুনি সদায় সদায় এইখন নীলা চাদৰ কিয় দিয়ে আঠুৱা খনৰ ওপৰত?আমি এতিয়া অট্টালিকাত থাকোঁ, ইয়াত জানোঁ বৰষুণ পৰিব?
তাকে শুনি তেওঁ উত্তৰ দিলে
"তুমি কি বুজিবা? আজি মই এজন অভিযন্তা হৈ অট্টালিকাত আছোঁ ঠিকেই, কিন্তু কাৰ কষ্টৰ ত্যাগৰ ফলত এইখিনি হৈছোঁ জানা ? একমাত্ৰ মাৰ বাবে, কিমান নিশা নিজকে টিয়াই আইৰ নীলা চাদৰ খন আঠুৱা খনৰ ওপৰত দিছিল যাতে মোৰ গাত বৰষুণ নপৰে "।
এটা দীঘল হুমুনিয়াহ কাঢ়িলে দুয়ো ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ