ব্যৰ্থ প্ৰেমৰ বাৰ্তা- চিন্ময় ডেকা

©Admin
0
কথিত ৰূপৰ পদক অলংকাৰ
দুবাহুত গুঁজি দিয়া প্ৰেমৰ সঞ্চাৰ
আকাশলংঘী মাদকতাই
জীৱনৰ নিস্তব্ধ নিতাল 
বোৱাই আনে,
কাহিলী পুঁৱাৰ সম্ভাষণত
ৰিঙিয়াই উঠা তোৰ চকু জুৰিলৈ 
বাৰুকৈ মনত পৰে
কিমান যে, 
মৰম-সনা আলসুৱা
ৱাহ: আজি যৌৱনময়ী প্ৰাচুৰ্য্যৰ বহিঃপ্রকাশ।
কি সতেজ ৰঙীন চাৱনিত 
সহস্ৰ জনৰ মাজত মোৰো মন হৈ পৰে মন্ত্ৰমুগ্ধ।
আজি যেন, মই নিৰুপায়
কিজানিবা হেৰুৱাৰ বেদনাত
স্তব্ধ হৈ ৰওঁ।
আভ্যন্তৰীণ হৃদয়ৰ হৃদয়স্পৰ্শী অলিখিত কাহিনী 
মোৰ এই, দুদিনীয়া জীৱনত গঢ়া
"ব্যৰ্থ প্ৰেমৰ বাৰ্তা"
শুনিবলৈ সময় কণ ওলাবনে?
আজলী ভৰাই থৈছোঁ,
বিষাদ বেদনাৰে ভৰা তিক্ত মায়া-মমতা।
ক'ত হেঁপাহ,
অযুুত ইচ্ছা আকাংক্ষা!
দুটি মনৰ ঔৰষত ওপজা মোৰ ভূমিত থকা অলেখ পৰিকল্পনা।
সময়ৰ সোঁতত প্ৰশ্নবোধক?
দুদিনীয়া জীৱন যেন নুবুজাৰ সাঁথৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)