ভ্ৰমণ কাহিনী- পৱিত্ৰ কুমাৰ শৰ্মা

©Admin
0
বৈষ্ণুদেৱী মন্দিৰ হিন্দু ধর্মৰ লোকসকলৰ বাবে অন্যতম তীৰ্থস্থান । এই মন্দিৰটো কাশ্মীৰ উপত্যকাৰ জম্মুৰ কাট্ৰাত অৱস্থিত । ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা তালৈ প্ৰতি বছৰেই হাজাৰ হাজাৰ লোকৰ আগমন হয় । সেয়ে মন্দিৰ দৰ্শন কৰিবলৈ মোৰো খুব ইচ্ছা আছিল । গতিকে যোৱা ২০১৯ চনত দূৰ্গাপূজাৰ বাবে বিদ্যালয়সমূহ বন্ধ থকাত মই,মোৰ পৰিবাৰ, মা, মোৰ ভাইটোৰ পৰিয়ালৰ লগতে ভনীজনীৰ পৰিয়ালে মিলি বিমানেৰে প্ৰথমে নতুন দিল্লীলৈ বুলি উৰা মাৰিছিলোঁ । নতুন দিল্লীত ভাইটোৰ খুলশালীজনীৰ ঘৰত থকা তাৰ শাহুয়েকো আমাৰ লগত যাবলৈ ওলাইছিল । সেয়ে আটাইয়ে মিলি নতুন দিল্লীৰ পৰা পুনৰ সন্ধিয়া ৰেলত উঠি কাট্ৰালৈ বুলি যাত্ৰা কৰি পিছদিনা ৰাতিপুৱাতে কাট্ৰাৰ ৰেল ষ্টেচনত উপস্থিত হৈছিলোঁ ।
     জম্মু আৰু কাশ্মীৰত বেলেগ ৰাজ্যৰ প্ৰিপেড মোবাইল সেৱা উপলব্ধ নহয় । কেৱল পষ্ট পেড মোবাইল সেৱাহে উপলব্ধ হয় । গতিকে ঘৰ বা অন্যান্য ঠাইৰ সৈতে যোগা-যোগ কৰাৰ বাবে আমি লগত এটা পষ্টপেড মোবাইল লৈ গৈছিলোঁ । অৱশ্যে প্ৰয়োজনীয় নথি-পত্ৰ নিলে তাত প্ৰিপেড চিম পোৱা যায় । ষ্টেচনত নামি আগতে বুক কৰি থোৱা হোটেল এখনলৈ ফোন কৰিছিলোঁ । ইতিমধ্যে হোটেলৰ মেনেজাৰে আমাক নিবলৈ দুখন টাটা মেজিক গাড়ী পঠিয়াই দিছিল । যথা সময়ত গাড়ী দুখন আহি পোৱাত লগত নিয়া বয়-বস্তুৰ সৈতে সকলোৱে হোটেলত উপস্থিত হৈছিলোঁ । হোটেলত কিছু সময় জিৰণি লৈ আৰু খোৱা-বোৱা কৰি আমাৰ গন্তৱ্যস্থান বৈষ্ণুদেৱী মন্দিৰলৈ বুলি গাড়ীত উঠি যাত্ৰা কৰিছিলোঁ । যি ঠাইত আমাক নমাই দিছিল, সেই ঠাইত যথেষ্ট লোকৰ সমাগম হৈছিল। মন্দিৰলৈ যাবলৈ হ'লে গেট পাছৰ প্ৰয়োজন । আমি ইতিমধ্যে অন লাইন যোগে গেট পাছ লৈ থৈছিলোঁ ।গতিকে তাত বেছি সময় ৰ'ব লগা হোৱা নাছিল । মন্দিৰলৈ সেই স্থানৰ পৰা প্ৰায় ১৪ কিমি দুৰ আৰু তালৈ যাবলৈ হ'লে ৩টা উপায় আছে । সচৰাচৰ মানুহে খোজ কাঢ়িয়েই অহা-যোৱা কৰে । তাৰ বাহিৰেও বয়সস্থ লোঁকসকল যাবৰ বাবে ৪জন মানুহে কঢ়িয়াই নিয়া পাল্কীৰোঁ ব্যৱস্থা আছে । ইয়াৰ উপৰিও ঘোঁৰাত উঠিও যাব পাৰি । অৱশ্যে আজি-কালি হেলিকপ্তাৰৰ সহায়তো মন্দিৰ দৰ্শন কৰিব পাৰি । তাৰ বাবে আগতীয়াকৈ অন লাইন যোগে আবেদন কৰিব লাগিব । মন্দিৰলৈ যোৱা ৰাষ্টাৰ দুয়ো কাষে নানা ধৰণৰ দোকান পোৱা যায় য'ত বিভিন্ন ধৰ্মগ্ৰন্থ, মালা ,ফটো, লাঁঠি আৰু অন্যান্য মণিহাৰী বস্তুৰে ভৰি থাকে । যিহেতু মন্দিৰটো পাহাৰৰ ওপৰত অৱস্থিত সেয়ে খোজকাঢ়ি যোৱা যাত্ৰীসকলে খোঁপনি ৰাখিবৰ বাবে প্ৰত্যেকেই হাতত একোডাল লাঁঠি ল'ব লগীয়া হয় । আমাৰ মা আৰু খুড়ী বয়স হোৱাৰ বাবে খোজ কাঢ়ি যাব নোৱাৰে, সেয়ে অহা-যোৱা কৰিবৰ বাবে দুখন পাল্কী বন্দবস্ত কৰি পঠোৱা হৈছিল । সচৰাচৰ বছৰটোৰ আন সময়ত যিমান যাত্ৰীৰ সমাগত হ'য় তাৰ তুলনাত দূৰ্গাপূজাৰ সময়ত বহু বেছি হয় । দূৰ্গাপূজাৰ সময়ত নৱৰাত্ৰিৰ বাবে ৰাতি ২ বজাতোঁ যথেষ্ট মানুহ অহা-যোৱা কৰে । যাত্ৰাৰ আৰম্ভণিৰ পৰা শেষলৈকে খোজকাঢ়ি যোৱা, পাল্কীত উঠা আৰু ঘোৰাঁত উঠি যোৱা মানুহৰ লানি-নিচিগা শাৰী । প্ৰায় ৮ কিমি মান যোৱাৰ পিছত অৰ্ধকুমাৰী নামৰ এখন ঠাই পাইছিলোঁ। সেই ঠাইৰ পৰা মন্দিৰলৈ যাবলৈ দুটা বাট আছে । এটা বাটেৰে কেৱল ঘোঁৰাত উঠি যোৱা মানুহে অহা-যোৱা কৰে ,আনহাতে আনটো বাটেৰে বেটেৰী কাৰত উঠি মন্দিৰলৈ যাব পাৰি । বহু দূৰ খোজকাঢ়ি যোৱাৰ বাবে ভাগৰ লগাত বেটেৰী কাৰত উঠিম বুলি টিকটৰ বাবে কাউণ্টাৰত শাৰী পাতি থিয় হৈছিলোঁ , কিন্তু লাইনটো ইমানেই দীঘল আছিল যে কমেও এঘণ্টাৰ পিছতহে টিকট পোৱা সম্ভৱ হ'ব । গতিকে সময় নষ্ট নকৰি পুণৰ খোজকাঢ়ি যোৱাটোকে সিদ্ধান্ত লৈছিলোঁ । এইদৰে প্ৰায় ৪ কি মি মান খোজকাঢ়ি গৈ মন্দিৰৰ চৌহদত প্ৰৱেশ কৰিছিলোঁ । যিমানেই মন্দিৰৰ ওচৰ পাইছিলোঁ, সিমানেই মানুহৰ ভিৰ বেছি হৈছিল । যদি কোনোবাই খন্তেকৰ বাবেও আঁতৰিব লগা হয় তেন্তে পুণৰ সেই ঠাই পোৱাটো প্ৰায় অসম্ভৱ আছিল ।
     ইতিমধ্যে মা আৰু খুড়ী পাল্কীত আহি মন্দিৰৰ ওচৰত উপস্থিত হৈছিল । সেই ঠাইতে ৰৈ থকা এজন নিৰাপত্তাৰক্ষীয়ে দুৰৈৰ পৰাই অসমীয়া সাঁজ-পাৰ পিন্ধা দুগৰাকী মানুহ দেখি ওচৰ চাপি আহি ক'ৰ পৰা আহিছিল সুধিছিল আৰু তেওঁৰ নিজৰ পৰিচয় দি কৈছিল যে তেওঁ এজন অসমীয়া মানুহ । 'মা-হঁতে তেওঁক পাই বৰ ভাল পাইছিল আৰু VIP যোৱা পথেৰে মন্দিৰৰ ভিতৰলৈ যোৱাৰ ব্যৱস্থা কৰি দিছিল ।
     যিহেতু মন্দিৰৰ ভিতৰত খুব ভিৰ আৰু একেলগে গোটেইখিনি মানুহ সোমাব‌ও নোৱাৰি, সেয়ে দুজনে জোতা চেণ্ডলৰ ওচৰত ৰৈ সালসলনি কৰি বাকীখিনিয়ে মন্দিৰ দৰ্শন কৰিছিলোঁ । মন্দিৰৰ আশে-পাশে থকা আন কেইবাটাও মন্দিৰ দৰ্শন কৰি ওচৰৰে এখন হোটেলত খোৱা-বোৱা কৰি পুনৰ আমি থকা হোটেল অভিমুখে ঘূৰি আহিছিলোঁ ।
     ওভটনি যাত্ৰাত মাঁ-হতে পাল্কীৰে পোনে পোনে হোটেললৈ আহিছিল । আনহাতে বাকীখিনিয়ে খোজকাঢ়িয়েই আহিছিলোঁ যদিও অৰ্ধকুমাৰী পোৱাৰ পিছত অত্যন্ত ভাগৰ লগাত ভাইটোৰ পৰিয়ালটোৱে ঘোঁৰাত উঠি হোটেললৈ আহিছিল । মই আৰু মোৰ পৰিবাৰে খোঁজকাঢ়িয়েই একেবাৰে গোটেই যাত্ৰাটো সম্পুৰ্ণ কৰিছিলোঁ । 
     পিছদিনা ৰাতিপুৱাই হোটেল এৰি দুখন মেজিকত উঠি জম্মুলৈ বুলি আহিছিলোঁ । এই যাত্ৰাপথত দুটা মন্দিৰতো সোমাইছিলোঁ । ইয়াৰে এটা দূর্গা মন্দিৰ আৰু আনটো জাম্বৱন্ত গুহা মন্দিৰ। এই গুহা মন্দিৰটো তিনিটা গুহাৰে গঠিত । সেয়া হৈছে নৱ দূর্গা , শিৱ আৰু জাম্বৱান গুহা । ৰামায়ণত বৰ্ণিত জাম্বৱানে শ্ৰীকৃষ্ণৰ সৈতে যুদ্ধ কৰাৰ আগতে গুহাটোৰ ভিতৰত থকা ঠেক পথেৰে যোৱা বুলি বিশ্বাস কৰা হয় । মন্দিৰ দৰ্শন কৰাৰ পিছত পোনে পোনে জম্মু ৰেল ষ্টেচনত উপস্থিত হৈছিলোঁ । আবেলি ৫-৩০ বজাত ৰেলখন আহি পোৱাত উঠি পিছদিনা দিল্লীত উপস্থিত হৈছিলোঁ আৰু সেইদিনা আবেলি দিল্লীৰ বিমান বন্দৰৰ পৰা গুৱাহাটীলৈ অহা বিমানত উঠি প্ৰায় ৰাতি ৮-৩০ বজাত গুৱাহাটী পাইছিলোঁ । গুৱাহাটীৰ পৰা এখন ইনভাত আহি প্ৰায় ১১ বজাত ঘৰ পাইছিলোঁ ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)