মাকৰ বিচাৰ -জ্যোতিস্ক বৰুৱা

©Admin
0
বৈধূৰ্য্য বৰুৱা পতিপত্তিশীল অগাধ সম্পত্তিৰ মালিক ৷ অভয়,নিৰজ,সূৰজ তিনি পুত্ৰ ৷ পত্নী নিজৰাক লৈ এটা সময়ত সুখী পৰিয়াল ৷ কেইবাখনো চাহ বাগিছাৰ মালিকৰ লগতে কেইবাটাও ষ্টীল ইণ্ডাষ্ট্ৰীৰ মালিক ৷ 
অভয়ে বিট্ৰেইনত, 
নিৰজ আৰু সূৰজে দেশৰ নামী দামী কলেজৰ ডিগ্ৰী ডিপ্লমাধাৰী ৷ 

অভয় প্ৰায়েই বিদেশতহে থাকে ৷ অভয়ে বিদেশী বিলাতৰ এজনী ছোৱালী বিয়া কৰাই এদিন ঘৰ সুমোৱালেহি ৷ দেউতাক বৈদূৰ্য্য বৰুৱা অলপ পুৰনি কলীয়া মানুহ ৷ প্ৰথমে অলপ অভয়ৰ এই বিৱাহক আপত্তি কৰিছিল পিছত স্বীকাৰ কৰি ললে ৷ বোৱাৰীয়েক খ্ৰীষ্টান সম্প্ৰদায়ৰ ৷ নিজৰ ধৰ্মত নিজৰ স্বামীকো শেষত দিক্ষিত কৰি ললে ৷ মেখেলা চাদৰো নিপিন্ধে , জিন্স পেন্ট,টি চাৰ্টেৰে কাম চলায় ৷ বোৱাৰীয়েকে অসমীয়াও নাজানে ৷ শহুৰেকৰ ঘৰত থাকিবলৈ অসুবিধাহে পায় ৷ গিৰিয়েক অভয়ক চলে বলে নিজৰ অধিকাৰখিনি বিচাৰি লবলৈ উচটনি দি চাহ বাগিছাৰ কিছু অংশৰ ভাগ বিচাৰি দেউতাকক কৱলৈ পেঘেনিয়াই পেঘেনিয়াই নিজৰ প্ৰাপ্য অংশৰ মূল্য খিনি লৈ ব্ৰিটেইনতে নাগৰিকত্ব ললে ৷ কেতিয়াৱা ছমাহ বছৰেকত অৱশ্যে মাক দেউতাকৰ ওচৰত সামান্য ভূমুকি মাৰি পুত্ৰ হোৱাৰ দায় সাৰে মাত্ৰ ৷

 নিৰজে দেউতাকৰ চাহ বাগিছাতে চাকৰি কৰা কোনোবা বাবু মহৰীৰ ছোৱালী এজনীহে বিয়া পাতিলে ৷ শহুৰেকৰ ঘৰৰ আৰু পত্নীৰ হেঁচাত কিবা এটা নতুন ধৰ্মৰ দীক্ষা গ্ৰহণ কৰি দেউতাকৰ সম্পত্তি ভাগ বিচাৰি নিজৰ ভাগৰ খিনি লৈ বেলেগকৈ ঘৰ সাজি শহুৰ শাহুৰ সোপাকে নতুন ঘৰটোত চপায় ললে ৷ উচ্চ শিক্ষিত সূৰজে ৰাতি ৰাতি মদ খাই ঘৰ সোমোৱা স্বভাৱ ললে ৷ এদিন কোনোবা মদাহী বেপাৰী এজনৰ পত্নীক চুৰ কৰি আনি ঘৰ সোমোৱালেহি ৷ দেউতাকে কিন্তু আগৰ দুটাৰ কৰ্ম কাণ্ডক লৈ এনেয়েও সন্তুষ্ট নাছিল সূৰজৰ এনে কাণ্ডই বৈদূৰ্য্য বৰুৱাৰ যেন আকাশী সৰগখন হে ভাগি পৰিল ৷ সমাজৰ মান মৰ্য্যদাৰ কথা দোহাই দি আদালতৰ জৰিয়তে পুত্ৰক প্ৰাপ্ৰ্যৰ কিছু অংশ দি একেকোবে তাজ্য পুত্ৰ ঘোষণা কৰিহে শান্ত হ'ল ৷ কোনো আক্ষেপ নকৰি যাৰ যি ইচ্ছা তাকে কৰিৱলৈ এৰি দি পত্নীকে সাৰথি কৰি প্ৰকাণ্ড অট্ৰালিকাত বৈদূৰ্য্য বৰুৱাই দিনবোৰ পাৰ কৰিবলৈ ধৰিলে ৷ আগৰ দৰে ঘৰৰ অট্ৰালিকাৰ চৌহদত থকা গোঁসাই গৃহত বৰতাল কোবাই তিনিবেলা নাম প্ৰসঙ্গ কৰিবলৈ অসুখীয়া দেহাটোৱেও যেন সঙ্গ নিদিয়া হ'ল ৷ কৰ্মচাৰী বোৰৰ ওপৰতে সকলো কামৰ ভৰষা ৷ কেইদিন মানৰ পৰা কাঁহ আৰু ডিঙীৰ প্ৰচণ্ড বিষত খাৱ লৱ নোৱাৰি ক্ৰমাত দুৰ্বল হৈ পৰিছে ৷ খোজ কেইটা কাঢ়িবলৈয়ো যেন সামৰ্থ নোহোৱা হ'ল ৷ লগৰ সংগী লাখুটি ডালো কামত নহা হৈছে ৷ এই অসুস্থতাৰ বাবেই এদিন কিমান সময় অট্টালিকাৰ চৌহদত অজ্ঞান হৈ পৰি আছিল গমেই নাপালে, নিজকে মেডিকেলৰ বেডত সাৰ পাইহে সম্বিত ঘূৰি অহাতহে নিজৰ অৱস্থাটোৰ কথা গম পালে ৷ পত্নী নিজৰাৰ মাতত হে মুখখন ঘূৰাই তাইলৈ চালে ৷ তাইৰ কৰুণ মুখখনলৈ চাই চকু হাল মুদি পুনৰ শুই পৰিল ৷ ক্ষন্তেক পিচতে সাৰ পাই বৰুৱাই দীঘল দীঘল উশাহ লবলৈ ধৰিলে আৰু হাত ভৰি বোৰ কঁপিবলৈ ধৰিলে ৷ যেন পত্নী নিজৰাক কিৱা কৱলৈ খুজিছে ৷ বৰুৱাৰ অৱস্থাটো দেখি নিজৰাই হুৱাদুৱা লগালত ডাক্টৰ, নাৰ্চ এসোপামান আহি বৰুৱাৰ কাষত ভিৰ লাগিলেহি ৷ ততাতৈয়াকৈ বৰুৱাক আই চি ইউৰ কক্ষলৈ লৈ যোৱা হল ৷ 
এনেদৰে তিনি দিন মান হ'ল আই চি ইউৰ কক্ষৰ বাহিৰত ৰৈ ৰৈ নিজৰাৰ আমনি লগা হল ৷ মানুহজনৰ কোনো চেতনা ঘুৰি অহাই নাই ৷ ৰিপোৰ্টবোৰ চাই ডাক্টৰৰ পৰা তাই জানিব পাৰিলে যে মানুহজনৰ ডিঙিৰ শ্বাস নলীত কেন্সাৰৰ লক্ষণে দেখা দিছে ৷ খুওব বেছি কেইঘন্টা মানহে আৰু বাচি থাকিব ৷ নিজৰাই কি কৰো নকৰো কৈ এবাৰ ভাবিলে অভয়,নিৰজ,সূৰজক এবাৰ খৱৰটো দিলে ভাল হৱ নেকি !
 ভাবি চিন্তি অভয় সঁতৰ সমবয়সীয়া তোলনীয়া পুত্ৰ বলেনকেই খবৰ দিয়াৰ দায়িত্ব দিলে ৷ অভয়ক জনোৱা হল কিন্তু ব্যৱসায়ৰ তাগিদাত বোলে বিদেশৰ পৰা আহিব নোৱাৰে ৷ নিৰজে বোলে কোনোবা ঠাইত পালনামৰ আখৰাত ব্যস্ততাৰ বাবে ব্যস্ত ৷ কিন্তু নিৰজে খবৰটো পাই আহি পোৱাত অলপ পলম হ'ল যদিও দেউতাকৰ মুখখন নোচোৱাকৈয়ে দূৰৰ পৰাই কিছুপৰ ৰৈ গুচি গল ৷ 

ইতিমধ্যে বৰুৱাৰ মৃত্যু ঘটিছিল ৷ মেডিকেলৰ পৰা মৃতদেহটো লৈ অনা হৈছিল ৷ বৰুৱা মানুহ জন সমাজ সচেতন ব্যক্তি আছিল ৷ অঞ্চলটোৰ যিকোনো সামাজিক অনুষ্ঠানত দান বৰঙনি দিয়াৰ ক্ষেত্ৰত সদায় আগবঢ়াৰ লগতে সমাজ হিতকৰ কামতো নিয়োজিত আছিল ৷ তেওঁৰ মৃত্যুৰ বাতৰি পায় সকলো ৰাইজ তেখেতৰ ঘৰলৈ লানি নিছিগাকৈ সোঁত বৱলৈ ধৰিলে ৷ কিন্তু বৰুৱাৰ অন্তেষ্টিক্ৰীয়াৰ মুখাগ্নি সময়লৈকে কোনো পুত্ৰই আহি উপস্থিত হব নোৱাৰিলে ৷ সৰুতে বাটত পায় বুটলি অনা বলেনেই সেই কামফেৰা কৰিলে ৷ তিলনি গ'ল, দহা গ'ল ৷ মাহেকীয়া কাজৰ দিনা তিনিও পুত্ৰ ৰাইজৰ আগত হাজিৰ হ'ল ৷ ভকতৰ ওচৰত সেৱা লৱ লওঁতেই মাক নিজৰা কান্দি কান্দি গৰজি উঠিল……"তহঁত কিয় আহিছ ইয়ালৈ , জীয়াই থাকোতে দেউতাৰৰ ওচৰলৈ এবাৰো নাহিলি,মৰাৰ পিছতো এদিন খৱৰ নকৰিলি, আজি কি সকামত আহিছ' ? নিজৰ প্ৰাপ্য দাৱীৰ সময়ত দেউতাক কুটৰি কুটৰি নিজৰ ভাগৰ লৈ সকলো আতৰি গলি ৷ যি জন পিতৃয়ে তহঁতক সুসংস্কাৰেৰে ডাঙৰ দীঘল কৰিলে সেই শিক্ষাও নললি, সেইজন দেউতাৰ প্ৰতি অকণো কৃতজ্ঞ নহলি বৰঞ্চ মৰা মুখত পানী এটোপাল যাচিবলৈ তহঁতৰ সময় নহ'ল ৷ নালাগে যা: , ইয়াৰ পৰা আঁতৰ হৈ যা… অতদিন তহঁতৰ অনুপস্থিতিত দেউতাৰে যি দৰে এই কাম কৰা বলেনক লৈ চলিছিল মইয়ো পাৰিম ৷ আজি দেউতাৰ মাহেকীয়া কাজত ৰাইজে জ্ঞাতিয়ে সকলো কৰি আজৰি কৰি মোৰ মুখৰ ছাই গুচালে, তহঁতৰ আৰু ইয়াত কোনো কাম নাই ৷ তহঁতৰ ইয়াত পাবলগীয়াও নাই, দিবলগীয়াও নাই আৰু এই কাজত আঁঠু লোৱাৰো অধিকাৰ নাই ৷ দেউতাৰ শেষ ইচ্ছা আছিল কামৰ বিনিময়ত কোনোদিন একো এপদ নূখোজা ঘৰৰ পৰিয়ালৰ ছাঁটোৰ দৰে সৰুৰে পৰা লাগি থকা সন্তান স্বৰূপ বলেনকহে কিৱা অলপ দিবলগীয়া আছে ৷ সেইয়া দেউতাৰে দলিলত লিখি থৈ গৈছে আৰু বাকীবোৰ সম্পত্তি অনাথ আশ্ৰমক ইতিমধ্যে দান কৰিছে ৷ বাকী জীৱনটো মইয়ো আশ্ৰমতে থাকিম ৷ তহঁতবোৰ নহলেও মই চলিব পাৰিম ৷ অ… মই চলিব পাৰিম ৷ তহঁতবোৰ যেতিয়াৰ পৰা আঁতৰিলি সেইদিনাৰ পৰাই নাই বুলিয়েই ধৰি ললো ৷ গুচি যাহ আৰু নাহিবি ৷ তহঁতে মা-দেউতাৰ কষ্ট দুখ কোনোদিনেই নুবুজিলি ৷ যি দৰে বিচাৰিলি তেনেকৈয়ে ল'লি আৰু আতৰি গ'লি ৷ মোকো তেনেকৈয়ে থাকিবলৈ দে… …৷ " নিজৰাৰ দুচকুৰে লোতক বৈ গ'ল ৷ শেষত সিহঁতে এটাই কথাই কৈ ৰ'ল পাৰিলে মা আমাক ক্ষমা কৰি দিৱা ৷ সিহঁত কেইটাও নিজৰ ভূলবোৰ বুজি শিল পৰা কপৌৰ দৰে হৈ কেৱল কৰযোৰে ৰাইজলৈ হাতযোৰ কৰি নিৰৱে চকুলো টুকি ক্ষমাৰ প্ৰাৰ্থী হৈ ৰল ৷ শোকৰ সাগৰত ভাগৰি পৰা নিজৰাই কিন্তু কোনো উত্তৰ নিদিলে ৷ সিহঁতবোৰো এটা এটাকৈ আতৰি গ'ল ৷৷

সমাপ্ত 

✍️জ্যোতিস্ক বৰুৱা
নামৰূপ,অসম ৷
মোৱাইল নং
৯৩৬৫০০৮৩৪৩

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)