পথিক -মিন্টু গোৱলা

©Admin
0
ৰাজ পথ বোৰ আজি 
কালি বৰ বেয়া হ'ল ।

ৰাজ পথৰ চাৰিওফালে 
কেৱল মৃত্যুৰ কিৰিলিহে শুনো।

ফুটপাততো খোজ কাঢ়িবলৈও ভয় লাগে ,
মৃত্যুৰ কিৰিলি শুনি ।

কিয় ইমান ভ্ৰষ্ট লগ্নৰ ভ্ৰষ্টাচাৰ মানৱ ?

নিজৰ জীৱনকো বচাঁবলৈ নোৱাৰে ,
আনকো বাচিবলৈ নিদিয়ে।

হাজাৰ সপোন দেখি ,
যদি সকলো সপোনবোৰ  
ৰাজপথৰ ফুটপাততেই শুৱাই থ'লে হ'ব জানো?

ৰাজ পথৰ ফুটপাতৰ পৰা জীৱন যুদ্ধৰ দুৱাৰ ডলিলৈ আহিবলৈ লাগিব ।

তেতিয়া হে সফলতাৰ মুখাখন পিন্ধিব পাৰি ।

সচাঁকৈ আজি কালি ৰাজ পথ বোৰ বৰ বেয়া 
কেতিয়া কেনেকৈ কি হ'ব?
 গমেই নাপায় ।

কেৱল মাথোঁ মৃত্যুৰ হে অপেক্ষা থাকে ।

সাৱধান !
  
ৰাজ পথত খোজ কঢ়া মানৱ ।
খন্তেকতে কি হ'ব ?
এই ৰাজপথৰ পথিক।

✍️মিন্টু গোৱলা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)