তিৱা জনগোষ্ঠীৰ উষা বৰত-দেইজী কাৰ্খ বৰদলৈ

©Admin
0
আৰম্ভণিতে তিৱাসকলৰ ঐতিহাসিক প্ৰাচীন লিখিত কিতাপ প্ৰত্ৰবোৰৰ সন্ধানহে আছিল। এই সন্ধানত হতচকিত হৈছিলো যেতিয়া তিৱা সকলে হোম যজ্ঞ কৰা হয় বুলি পাইছিলো তিৱা সকল ক্ষত্ৰিয় বুলি পাইছিলো তিৱা সকল দৈত্য দানৱ বংশ বুলি পাইছিলো তিৱা সকল কোচৰ বংশধৰ বুলি পাইছিলো,হোম যজ্ঞ কৰিবলৈ বা ক্ষত্ৰিয় হ'বলৈ তিৱা সকল পুৰোহিত সৈতে জড়িত হ'ব লাগিব। কিন্তু তিৱা সকল ইয়াৰে এটাও নহয়। দৈত্য দানৱ বংশ হ'বলৈ দৈত্য দানৱ থাকিব লাগিব।
ইতিহাস পুৰাতাত্বিক ৰাজমোহন নাথৰ ম'তে, তিৱা সকল খ্ৰী পূৰ্ব ১৯০০ মানৰ পৰা মধ্য অসমৰ কপিলী উপত্যকা ত্ৰিবেগ নামৰ এখন স্বাধীন ৰাজ্য স্থাপন কৰি কেবাপুৰুষো শাসন চলাইছিল। অসমৰ বড়ো ৰাভা আদি জনগোষ্ঠীৰ দৰেই তিৱা সকলো প্ৰাচীন জনগোষ্ঠী। এই তিৱাসকল মূলতঃ মধ্য অসমৰ বসবাসী।এই তিৱাসকলৰ এখন ৰাজ্য হৈছে তেতেলীয়া। এই ৰাজ্য বৰ্তমান মৰিগাঁও জিলাৰ মধ্য পশ্চিম অঞ্চলত অৱস্থিত।এই ৰাজ্য এটি প্ৰধান উৎসৱ হৈছে বৰত।তাৰ পৰিসৰ হৈছে ব্যাপক।
বৰত শব্দটো সংস্কৃতি ব্ৰত শব্দৰ সৰলীকৰণ মাথোন । তেতেলীয়া ৰাজ্যৰ ৰজা ৰণসিদ্ধ বা ৰণজয়ৰ দিনৰ পৰা বৰত পূজা প্ৰচলন হয় বুলি জনা গৈছিল। তিৱাসকলৰ এই উৎসৱৰ আনুষ্ঠানিক আৰম্ভণিৰ পৰা শেষলৈকে কোঁৱৰ কুঁৱৰী বৰতানী প্ৰবৃত্তি কিছু বিশেষ ব্যত্তিয়ে ব্ৰত পালন কৰাৰ নিয়ম অনুসৰি প্ৰচলিত হৈ আহিছে। এই বৰত উৎসৱটি কোনো কোনোৱে কুমাৰী পূজা আৰু কোনোৱে ঊষা অনিৰুদ্ধৰ প্ৰণয়‌ কাহিনী বুলি হে ক'ব খোজে। এই বৰত উৎসৱটি কাতি মাহৰ অমাৱশ্যা তিথিও বা কাতি বিহুৰ দিনৰে পৰা আনুষ্ঠানিক ভাৱে আৰম্ভ হয়। তেতেলীয়া পাহাৰৰ দাঁতিত বৰত পূজা প্ৰচলন কৰা হয়। পূজা স্থানৰ কাষতে এখন কালিকা থান আৰু তাৰ কাষত বংশীবাদন থান নামে এখন থান থাকে। কালিকা থানত আগতীয়াকৈ পূজা দি বৰত উৎসৱ কৰাৰ নিয়ম।
বৰত উৎসৱটি কোনো আধুনিক আলোকসজ্ঞাৰ সামগ্ৰী ব্যৱহাৰ কৰা হয়। তেলৰ শলিতাৰ পোহৰেই চৌদিশে পোহৰময় হৈ থাকে। এই উৎসৱৰ মূল মণ্ডপৰ ভিতৰত বাহিৰত সকলোতে গোটেই ৰাতি গীত নৃত্য চলে। মণ্ডপৰ ভিতৰত সাধাৰণতে ৰজাৰ ঘৰৰ দ্বাৰা স্বীকৃত নৃত্যৰ দৰেহে নৃত্য পৰিবেশন কৰিব পাৰে। এনেদৰে পুহ মাহৰ প্ৰথম পূৰ্ণিমা ৰাতি সমগ্ৰ  বৰত থলী পোহৰ, গীত, নৃত্যাদিৰ উচ্ছলতাৰে সজীৱ হৈ থাকে। বিশেষকৈ উত্ত গীত‌টি হৈছে
আজি যাং বৰতক কালি যাং বৰতক ঐ
বৰতৰ ধেপেলা ঐ পাত 
পিছে এনে পৰিৱৰ্তন সময়ৰ সোঁতত দেখা দিলেও বৰত উৎসৱটি প্ৰকৃত সৌন্দৰ্য আকৰ্ষণ ইয়াৰ লগত জড়িত তিৱা সকলৰ প্ৰাণৰ উম্মাদ খিনি প্ৰায় আজিও একে ৰূপতে বিৰাজমান।
এটা কথা ক'ব পাৰি যে মধ্য অসমৰ অন্যান্য উৎসৱৰ তুলনাত বৰত উৎসৱটি অতি জনপ্ৰিয়তা কোনো গুণে কম নহয়। সেই অঞ্চলৰ সৰ্বাধিক মানুহৰ মাজতেই ইয়াৰ প্ৰভাৱ বিদ্যামান। এই কথা ঠিক যে তিৱা সকলো লোক উৎসৱৰ ভিতৰত বৰত উৎসৱটি এক সুকীয়া পৰিচয়। কাৰণ ইয়াৰ মাজত তিৱা সকলৰ লোক বিশ্বাস ৰীতি-নীতি আদিৰ অফুৰন্ত সমল। বৰ্তমান সময়ত তিৱাসকলৰ প্ৰচলিত এটি কৃষ্টিৰ মূলক উৎসৱৰ প্ৰতি বিশেষ গুৰুত্ব নিদিয়াতো এটা জাতিৰ বাবে বৰ পৰিতাপৰ কথা। তিৱাসকলৰ ৰহনীয়া কলা কৃষ্টি যদি উৎকৃষ্ট নহয় বুলি এৰি পেলোৱা হয়, তেন্তে জাগিতক অপমান কৰা হব আৰু তিৱা সকলৰ সংহতিৰ পথত বিৰাট অন্তৰাই সৃষ্টি কৰিব।

✍️ দেইজী কাৰ্খ বৰদলৈ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)