খৰালিৰ শীৰ্ণকায় নদীখন
সবল হৈছে।
খাল বিলবোৰ পানীৰে পৰিপূৰ্ণ হৈ
মাছে ওজাইছে।
আঘোনৰ হেপাঁহৰ সোণগুটি বুটলিবলৈ
গঞা ৰাইজে সপোন ৰচিছে।
(এইবাৰ দুডৰামান বেছিকৈ ৰুম দেই পখিলি।
ধানকেইটামান সৰহকৈ পালে বিক্ৰী কৰি
ঘৰটো মেৰামতি কৰিম।)
কঠিয়াডৰা পানীত ডুব যায়।
কজলা গৰুটোৰ বেমাৰ হয়।
ভাইটিৰ কিতাপখিনি বিচাৰি পোৱা নাযায়।
পখিলিয়ে নাৱত চৰু পাতি
চাদৰৰ আচলত টুকে চকুপানী।
এইবাৰো আহিল বানপানী!
বহাগৰ সপোনটো
শাওণত কেৰুন লাগে।
তথাপি জীয়াই থকাৰ সংগ্ৰাম
অটুট থাকে।
কিন্তু ক'ৰবাত ঘনেপতি আউল লাগে ।
পেটৰ ভাত কাঢ়ি লৈ যায়,
বলিয়া ভদিয়া বানে।
হ'ব দে পখিলি
এইবাৰ খৰালিত
চাংঘৰ সাজিম মজবুতকৈ।
(চৰকাৰে বাৰ্তা পঠিয়াই থাকে বোলে মোবাইলত।
হয় কিন্তু দেশখন সচাকৈয়ে digital
হৈ গ'ল।)
আশাত বন্দী হৈ গৈ থাকে,
হৃদয়ৰ সপোনবোৰ।
অহাবছৰলৈ খেতি দুডৰামান
সৰহকৈ কৰিম।
ৰুগীয়া দদাইদেউৰ মাটি কেইডৰাও
আধি কৰিম।
বাগৰি যায় সময়
পখিলিৰ সপোনবোৰ সপোন হৈয়ে ৰয়।
✍ পাপু শইকীয়া
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ