মানুহ- ৰিতুপৰ্ণ শৰ্মা

©Admin
0
মনৰ নিজানত ভুমুকি মাৰিছে
সাঁচি থোৱা গোপনীয় স্মৃতিবোৰ 
আউলি বাউলি হৈ যোৱা স্মৃতিবোৰ 
হৃদয়ৰ এক নিৰ্জন কোণৰ
কোলাহলৰ ঢৌৰ প্ৰবাল সোঁতত
সঞ্চাৰিত বিদ্যুৎ তড়িৎ গুঞ্জন 
অবিভক্ত মনৰ দুই সাঁকোত 
দুভৰিৰ থৰক বৰক খোজ
উকা পৃষ্ঠাৰ ডাৱৰীয়া প্ৰলেপ সনা
গগন ‌পক্ষীৰ আকাশ চুম্বন 
অতিৰঞ্জিত কল্পনাৰ ছত্ৰছাঁয়াত
থান বান হৈ যোৱা
স্মৃতিবোৰ নকৈ সজোৱাৰ প্ৰতিশ্ৰুতিৰে 
মনৰ ডেউকাখন সাজু কৰি ৰাখিছো
দিগন্তৰ সিটো পাৰত 
যʼত বিচাৰি পাওঁ 
পোৱা নোপোৱাৰ নিৰিবিলিৰ আউসি 
        
                    
                            
      

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)