মন চোতালত আশা জোনাক-নিপু কুমাৰ দাস

©Admin
0
কিয় বাৰু মই নাজানোঁ 
বাৰে বাৰে দেখোন 
তোমালৈ মনত পৰে
নিজানত অকলে বহিলে

মন দাপোনত দেখোঁ 
ঘনে ঘনে মই যেন 
মাথোঁ তোমাৰেই ছবি 
আৰু ভূৱন ভোলোৱা হাঁহিটি  

মন বননিত শুনোঁ 
ফাগুনৰ বিষাদ গান 
জোনাক বিহীন ৰাতি 
জীৱনেই কৰেহি আমনি ।

মন বননিত শুনোঁ 
যেতিয়া ফাগুনৰ গান 
ৰাতিৰ বুকুত জোনাক সৰে
তৰাই অনেক খেলা পাতে----।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)