বিশ্বাস-অবিশ্বাসৰ দোমোজাত-চুমিন্দ্ৰ চৌধুৰী

©Admin
0
( এশ শতাংশই সত্য ঘটনাৰ আলমত লিখা কাহিনী)

এইয়া কোনো পুৰণিকলীয়া কথা নহয়।  যোৱা  পাঁচ এপ্ৰিলৰ চ'তৰ পুৰ্ণিমাৰ দিনাখনৰহে  কথা ।
চত্তীছগড় ৰাজ্যৰ কোৰ্বা চহৰৰ পৰা কেইবা কিলোমিটাৰ দূৰৈৰ কুষ্মুণ্ডা কয়লা খনিত খনন কাৰ্য্যত গোদাৱৰী কয়লা কোম্পানীৰ ব্যৱহৃত হৈ থকা এখন কোবেল্কো ইক্সাভেটৰ মেছিনত বিজুতি ঘটাৰ খবৰ পাইছিলো। 
তিনিদিন পাছত নাগপুৰ কাৰ্য্যালয়ৰ ৰিজওনেল মেনেজাৰ জনে মেছিনটো পৰিদৰ্শন কৰা চাৰ্ভিছ ইঞ্জিনীয়াৰ জনৰ প্ৰতিবেদনখন  মোলৈ ই-মেইল যোগে প্ৰেৰণ কৰিলে। প্ৰতিবেদনখন কোম্পানীৰ এজন  অভিজ্ঞ বিশেষজ্ঞৰ হতুৱাই চালিজাৰি চোৱাই  মেছিনটোৰ মেৰামতিৰ বাবে প্ৰয়োজনীয় বস্তু সমূহ আঠ তাৰিখেই এখন বিশেষ বাহনত নয়ডাৰ লৈ পঠিয়াই দিলোঁ ।
মেছিনৰ  বয়-বস্তু সহ বিশেষ বাহনখন দহ  তাৰিখৰ দিনাখন গৈ কুষ্মুণ্ডা পালেগৈ যদিও কলহৰ কাণে ঢলা বৰষুণ দি থকাৰ বাবে সেই দিনাখন মেছিন মেৰামতিৰ কাম আৰম্ভ কৰিব পৰা নগ'ল । অৱশেষত এঘাৰ তাৰিখে মেৰামতিৰ কামত হাত দি ছাৰ্ভিছ ইঞ্জিনীয়াৰজনে মেছিনটোৰ আন এটা গুৰুত্বপূৰ্ণ বস্তু সম্পূৰ্ণভাৱে নষ্ট হৈ থকা দেখা পাই লগে লগে মোক ফোন যোগে অৱগত কৰিছিল। ছাৰ্ভিছ ইঞ্জিনীয়াৰ জনে  মেছিনটোৰ পৰীক্ষা নিৰীক্ষাত হেমাহি কৰা সন্দেহ কৰি মই পাকমাৰি
ধৰিছিলো।  কিন্তু তেওঁৰ আগৰ   প্ৰতিবেদনখনত সংলগ্ন মেছিনটোৰ সেই  বিশেষ বস্তুটো নিখুঁত ভাবে থকা ফটোখন চাই থতমত খাইছিলো। ফটোখনত বস্তুটোৰ কোনো ক্ষয় ক্ষতি হোৱা দেখা পোৱা নাছিলো।  কিন্তু সহজে  চকুত নপৰা আৰু হাতেৰে ঢুকি নোপোৱা বস্তুটো কেনেদৰে ভাঙচিঙি গ'ল আমি কোনেও বুজিব নোৱাৰিলোঁ । মনতে ভাবিছিলো কোনোবা দুষ্ট মানুহ অথবা খুট খুটীয়া ল'ৰাৰেই কাম হ'ব। সেই বিশেষ বস্তুটো পুনৰ জৰুৰীকালীন ভাৱে ছত্তীশগড়ৰ ৰাজধানী ৰায়পুৰলৈ বিমানযোগে পঠিয়াই দিলো। 
বাৰ তাৰিখে সকলোবোৰ বয়-বস্তু মেছিনটোত লগাই ঠিক-ঠাক কৰা হ'ল । পাছে ৰাতি পলম হোৱাৰ বাবে পিছদিনাখন তেৰ এপ্ৰিল তাৰিখৰ দিনাখন পুৱাই  পুনৰ এবাৰ খুটি-নাটি মাৰি ষ্টাৰ্ট দি গম পোৱা গ'ল যে মেছিনটো আগ পিচেই নহয়। প্ৰায় বিশ দিন ধৰি মেছিনটো বিকল হৈ পৰি থকাৰ বাবে লগে লগে দক্ষিণ পূৱ কয়লা নিগম আৰু গোদাৱৰী মাইনিং কোম্পানীৰ তৰফৰ পৰা প্ৰচুৰ হেচাঁ দিছিল মেছিনটো চৌবিশ ঘন্টাৰ ভিতৰত ঠিক-ঠাক কৰি দিবলৈ।  কোম্পানীৰ বিভাগীয় কৰ্তৃপক্ষৰ প্ৰচণ্ড তাগিদাত মেছিনটো কাৰ্য্যক্ষম কৰি তুলিবলৈ ডীলাৰ ছাৰ্ভিছ ইঞ্জিনীয়াৰ আৰু কোবেল্কো কোম্পানীৰ স্থানীয় ক্ষেত্ৰ পৰিচালক আটাই কেইজনে যুদ্ধকালীন তৎপৰতাৰে কামত লাগি গৈছিল।  প্ৰচণ্ড ধুমুহা বৰষুণৰ মাজেৰেই কুষ্মুণ্ডাৰ পৰা ৰায়পুৰলৈ আহি মেছিনটোৰ মেৰামতিৰ বাবে প্ৰয়োজনীয় সকলো বস্তু ৰাতিৰ ভিতৰতেই আহি লৈ গৈছিল।  
পাছে ৰাতিপুৱাই ডীলাৰ ছাৰ্ভিছ ইঞ্জিনীয়াৰ কেইজনে কয়লাৰ খনিৰ মাজত বিকল হৈ পৰি থকা মেছিনটোৰ ঠিক কৰিবলৈ গৈ মূৰে কপালে হাত দিছিল । প্ৰচণ্ড বৰষুণৰ বাবে এডলীয়া হৈ থকা মেছিনটো যাতে পিছলি নপৰে তাৰ বাবে মেছিনটো পঞ্চাশ ফুট মান আঁতৰত বগৰাই পেলোৱা গছডালৰ ফালে আন এটা মেছিনৰ দ্বাৰা টানি লৈ যোৱা হৈছিল।  সাধাৰণতে ডাঙৰ এক্সকাভেটৰ মেছিন সমুহ বন্ধ অৱস্থাত চোচৰাই নিবলৈ হ'লে কিছুমান জৰুৰীকালীন ব্যৱস্থা লোৱাটো বাঞ্ছনীয়।  কিন্তু গোদাৱৰী কোম্পানীৰ মানুহখিনি সেই ক্ষেত্ৰত অজ্ঞ আছিল বাবে মেছিনটো চোচোৰাই লৈ যোৱাৰ বাবে মেছিনটোৰ কিছুমান বহু গুৰুত্বপূৰ্ণ অংশ ভাগি চূৰ্ণ বিচূৰ্ণ হৈ পৰিছিল।  কথাটো গোদাৱৰী মাইনিং কোম্পানীৰ কৰ্তৃপক্ষক অৱগত কৰোৱাৰ লগে লগে হাহাঁকাৰ লাগিছিল।  কাৰণ ৩০টন ওজনৰ মেছিনটো টানি আঁতৰাবলৈ তেওঁলোকৰ ওচৰত কোনো ক্ৰেন তথা ডাঙৰ এক্সকাভেটৰ নাই।  তাৰোপৰি মেছিনটো বেয়া হোৱা দিন ধৰি মেছিনটোৰ চালকজন অসুস্থ হৈ থকাৰ বাবে বেলেগ চালকে মেছিনটোত হাতেই দিয়া নাই। গোদাৱৰী মাইনিং কোম্পানীৰ কৰ্তৃপক্ষই মিছা কৈ দায় সৰাৰ পাং পাতিছে বুলি ধৰি লৈ কোবেল্কো কোম্পানীৰ ছাৰ্ভিছ ইঞ্জিনীয়াৰ সকল আৰু ক্ষেত্ৰ পৰিচালকজনে হতাশা পূৰ্ণ মনৰে পুনৰ মেছিনটো পৰীক্ষা নিৰীক্ষা কৰিবলৈ আৰম্ভ কৰিছিল। 
সেইদিনা তেওঁলোকে মেছিনটোৰ পৰীক্ষা নিৰীক্ষা কৰি থাকোতেই কুষ্মা
কুষ্মুণ্ডা কয়লাৰ খনিৰ কাষৰ গাওঁখনৰ পৰা কেইজনমান মানুহ আহি দূৰৈৰ পৰা ছাৰ্ভিছ ইঞ্জিনীয়াৰ সকলক প্ৰত্যক্ষ কৰি আছিল।  তেওঁলোকৰ মাজৰেই এজন অলপ আদহীয়া লোকে আহি আমাৰ ক্ষেত্ৰ পৰিচালক জনক জনালে যে, বাবুজী  ভৱিষ্যতে কাম কৰিব পৰা হ'বলৈ হ'লে এই মেছিনটো ইয়াৰ পৰা আঁতৰাই নিয়ক।  গোদাৱৰী মাইনৰ পৰিচালকে যি ভুল কৰিলে তাৰ পৰিণতি আপোনালোকে ভূগিব লগা হৈছে।  মানুহজনে দৰাচলতে কি ক'ব বিচাৰিছে তাক ভালদৰে বুজাই কবলৈ ক্ষেত্ৰ বিষয়াজনে অনুৰোধ কৰাত তেওঁলোক যি কৈছিল শুনিলে কাণ থিয় হৈ পৰাটো নিশ্চিত। 
মানুহজনে মেছিনটোৰ কাষত কাটি বগৰাই থোৱা বট গছডালৰ ফালে আঙুলিয়াই কৈছিল,  বাবুজী এই গছডালত আমাৰ গ্ৰাম দেৱতাজন থাকে বুলি আমাৰ পূৰ্ব পুৰুষৰ পৰা বিশ্বাস কৰি তেওঁৰ পূজা সেৱা কি আহিছিলো। কয়লাৰ খনিৰ খননৰ কামত কিমানবোৰ ঠিকাদাৰ আহিল আজিলৈ তাৰকোনো হিচাপ নাই।  পাছে কোনেও এই গছডাল বগৰাই পেলাবলৈ সাহস কৰা নাছিল।  কিন্তু গোদাৱৰী মাইনিং কোম্পানীৰ মানুহে আমাৰ কথা নামানি পূৰ্ণিমাৰ ৰাতি গছডাল বগৰাই বৰ বেয়া কাম কৰিলে।  
মানুহ কেইজন গুছি যোৱাৰ পাছত ক্ষেত্ৰ বিষয়াজনে মোক কথা খিনি অৱগত কৰোৱাত তেওঁক কৈছিলো 'বিশ্বাসে মিলয় হৰি তৰ্কে বহু দূৰ। ' গতিকে গাঁৱৰ মানুহ  কেইজনৰ কথা উপেক্ষা নকৰি এইবাৰ মেছিনটোৰ মেৰামতিৰ কাম সম্পূৰ্ণ হ'লে ভালদৰে পূজা সেৱা আগবঢ়াই ঈশ্বৰক চিন্তি মেছিনটো ষ্টাৰ্ট দিবা ।
প্ৰায় পোন্ধৰ দিনৰ মুৰত যোৱা ত্ৰিশ মেৰামতিৰ দিনাখন নেৰনেপেৰা চেষ্টা আৰু কঠোৰ পৰিশ্ৰম কৰি ছাৰ্ভিছ ইঞ্জিনীয়াৰ সকলে মেছিনটোৰ মেৰামতিৰ কাম সম্পূৰ্ণ কৰিছিল।  ইশ্বৰলৈ পুজা সেৱা আগবঢ়োৱাৰ পাছত। মেছিনটোৰ ষ্টাৰ্ট দি কিছু সময়ৰ বাবে চলাই ৰাখিছিল। কিন্তু দূৰ্ভাগ্যজনক ভাৱে মেছিনটোৱে মাটি কটা কাৰ্য্যক্ষমতা লাভ কৰিব পৰা নাছিল।  বহুত সময় পৰীক্ষা নিৰীক্ষা কৰাৰ পাছত গম পোৱা গল নতুন কৈ লগোৱা হাইড্ৰলিক পাম্পটোৰ ৰেগুলেটৰ টোৱেই বেয়া হৈ আছে। গোদাৱৰী মাইনিং কোম্পানীৰ কৰ্তৃপক্ষই কঢ়া ভাষাত ছাৰ্ভিছ ইঞ্জিনীয়াৰ আৰু ক্ষেত্ৰ বিষয়াজনক জনাই দিছিল যে সিদিনাখনৰ পৰা মেছিনটো থকা ঠাই কনত খনন কাৰ্য্য আৰম্ভ হ'ব গতিকে মেছিনটো যিকোনো উপায়েৰে আঁতৰাবই  লাগিব।  হাইড্ৰলিক পাম্পটো এটা ৰেগুলেটৰ কাৰ্য্যক্ষম নোহোৱাৰ স্বত্বেও গোদাৱৰী মাইনিং কোম্পানীৰ হেচাঁত বাধ্য হৈ মেছিনটো লাহে লাহে চলাই প্ৰায় তিনিশ ফুট মান আঁতৰলৈ লৈ যোৱা হৈছিল।  ক্ষেত্ৰ বিষয়াজনে ভগ্ন মনোৰথ ৰেগুলেটৰ এটা আনিবলৈ পুনৰ ৰায়পুৰলৈ উভতি গৈছিল।আৰু থিক  দুদিনৰ পাছত তেওঁ পাম্পৰ ৰেগুলেটৰ এটালৈ অতি আশাৰে কুষ্মুণ্ডা কয়লা খনিলৈ উভতি আহিছিল।  
নতুন ৰেগুলেটৰটো লগোৱাৰ আগতে ডীলাৰ ছাৰ্ভিছ ইঞ্জিনীয়াৰ এজনে মেছিনটো ষ্টাৰ্ট দিয়াৰ পাছতেই অভাৱনীয় ভাবে মেছিনটো কাৰ্য্যক্ষম হৈ উঠাৰ বাবে তাত উপস্থিত সকলো মানুহ আচৰিত হৈছিল।  কাৰণ যিটো ৰেগুলেটৰ পাম্পটোত সংযোজন হৈ আছিল সেইটো বহুত বেছি পৰিমাণে নষ্ট হোৱা সকলোৱেই স্বচক্ষে দেখিছিল।  তেনেস্থলত সম্পূৰ্ণ বিকল হৈ পৰা ৰেগুলেটৰটোৰ সৈতে পাম্পটো কেনেদৰে কাৰ্য্যক্ষম হৈ উঠিল সেইটোৱেই সকলোৰে বাবে নুবুজা সাঁথৰ হৈ পৰিছিল।  
অৱশেষত প্ৰায় পঞ্চাশ দিন ধৰি বিকল হৈ পৰি থকা মেছিনটো কাৰ্য্যক্ষম হৈ উঠাৰ বাবে গোদাৱৰী মাইনিং কোম্পানী আৰু দক্ষিণ পূৱ কয়লা নিগমে স্বস্থিৰ নিশ্বাস পেলাইছিল।  আনকি গোদাৱৰী মাইনিং কোম্পানীৰ কৰ্তৃপক্ষইয়ো মেছিনটোৰ যাতে আৰু বিজুতিৱ নঘটে নেদেখা জনক কাকূতি জনাই  কুষ্মুণ্ডা কয়লা খনিৰ মাজত উভালি পেলেৱা গছ ডালৰ গুৰিত সেই  ৰাতিয়েই এভাগি পুজা সেৱা পাতিছিল। 
 আচৰিত  কথাটো হ'ল বিগত  পোন্ধৰ দিন কয়লা খনিত নিতৌ বিশৰ পৰা বাইশ ঘন্টা কাম কৰি থকা মেছিনটো অকনো বিজুতি নঘটাকৈ পূৰ্ণ গতিত চলি আছে।  অপাৰেটৰ জনেও লাহে লাহে জ্বৰ বিষৰ পৰা সুস্থ হৈ কামত যোগদান দিলে । পাছে আমাৰ মনতহে  নুবুজা সাঁথৰবোৰ সাথঁৰ হৈ ৰ'ল ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)