মাথোঁ ৰাইজৰ জ্ঞাত নহয়
তাঁতবাতি কৰাৰ বতৰাই
চুবুৰি কঁপাই
সূতা সিজোৱা, উঘা লোৱা গোপনেই হয় ।
দুৰ্ঘটনা বোৰহে হঠাৎ হয়
কাৰোবাৰ কোনোবা হেৰাই, কোনোবা পংগু হয় ,
দুৰ্ঘটনাৰ পিছৰ খিনি
ঘটনা হৈয়ে ৰয়।
ৰৌ বৰালি উজালে
দুৰ্ঘটনা হয়
কাৱৈ তিলিকা উজালে
ঘটনা হয়।
জীৱনতেই ঘটনা, দুৰ্ঘটনা ঘটে
কোনোবাই
পৰিকল্পিত ঘটনাৰ নাম দুৰ্ঘটনা দিয়ে ,
কোনোবাই দুৰ্ঘটনাৰ আলমত ঘটনা কৰে।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ