বিদ্বেষী নাৰীৰ কবিতা- মাৰ্জিনা বেগম

©Admin
0
কবিতা লিখিলেই বুকু ফালি 
পাৰ হয় দ্ৰুত বেগী ট্ৰেইন , 
'পুৰুষ' শব্দৰ সৈতে খুন্দা খাই 
উকা কাগজত সিচঁৰতি হৈ পৰে 
কলিজাৰ কেঁচা তেজ!
সন্মুখত দেখা দিয়ে 
এটি হিংস্ৰ, নৰ পিশাচৰ সভ্যতা,
হাতত তুলি লোৱা ধাৰাল অস্ত্রৰে 
পৰম তৃপ্তিৰে হত্যা কৰে নাৰী গৰাকীয়ে 
পুৰুষতান্ত্রিক সমাজৰ মুখা পিন্ধা দানৱ ।

মিঠা মাতে কোমল হোৱা
 নিষ্ঠুৰতাৰ কবলত পৰা,  
যেতিয়া চকুৰ আগত ভাঁহি উঠে 
আত্মসমৰ্পণ কৰা!
খা খা কৈ জ্বলি উঠে অগ্নি শিখা 
ধ্বংসৰ দাৱানলে উতপ্ত হয় নাৰী সত্তা.......
সংবিধান আৰু নাৰী দিৱসৰ 
আধুনিক প্ৰতিহিংসা ।

যিমানেই তাৰ আৱিষ্কাৰৰ পথ বিচৰা হয় 
ক্রমশঃ ৰণচণ্ডী ৰূপ ধাৰণ কৰি
কৰ্কশ হৈ পৰে ছিন্নমস্তা.....
কিছু গভীৰত থাকে তাৰ সভ্যতা ।

হঠাতে ক্লান্ত হৈ পৰা বিদ্বেষী মন 
লাহে লাহে ঢলি পৰে সভ্যতাৰ শেষত ,
আবেগৰ প্ৰতি হয় তাৰ ভীষণ লোভ .....
হয়তো ক'ৰবাত মৃত্যুক সাৱটে এটি অতৃপ্ত সুৰুষ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)