চেকেণ্ড মিনিট ঘণ্টা কৰি
কত বেলি পাৰ হৈ গ'ল ।।
জোনমনি হত্যাকাণ্ডৰ
মূল অপৰাধী আজি
কিয় কৰায়ত্ত ন'হল ??
আইন শৃংখলাৰ নামত
দেশৰ গৃহ বিভাগ আজি
কুম্ভকৰ্ণ নিদ্ৰাত
আছে নেকি শুই ?
তদন্তৰ এনেহেন
বিপৰীত স্থিতি দেখাপাই
জনসমাজে পেলাইছে থুই ।।
তদন্ত চি আই ডিৰ পৰা
চি বি আইক দিয়া হ'ল বুলি
আছা নেকি আভুৱা ভাৰি ?
মোৰ কলমৰ পাশুপাত
প্ৰহাৰিম যেতিয়া
কোনো যাব
নোৱাৰিবা সাৰি ।।
অসমত আছে হেনো
দক্ষ মন্ত্ৰী মুদাগৰ
তেঁওলোক হেনো
জনতাৰ প্ৰিয় ।
যদি সেয়াই হয়
জোনমনি হত্যাৰ
জনতাৰ প্ৰবল দাবী
তোমালোকে মানি
নোলোৱানো কিয় ??
অসম আৰক্ষীৰ
সঞ্চালক প্ৰধান মহোদয়
কি ভাবি আছা কিনো কৰি ?
নে তুমিও পৰিলা সেই
মন্ত্ৰণাৰ বলিশালত
ধনসোণৰ টোপোলাটি ধৰি??
আভাজ্যোতি ৰাভা আৰু
অধীক্ষক লীনা দলেক লৈ
জোনমনিৰ মাতৃয়ে
দিছে এজাহাৰ ।
তথাপি গৃহ বিভাগৰ
আমোলা বিষয়াৰ দেখোন
তদন্তত নাই কাণষাৰ ।।
সংবাদ মাধ্যমে
কৰিছে সংবাদ প্ৰচাৰ
তদন্তই লৈছে অন্যায়ৰ মোৰ ।
শান্তি ৰক্ষাৰ নামত
শাসকৰ সাজ পিন্ধি
হ'লা নেকি
ঘোৰ ঘোচখোৰ ??
দেখি আছো আমি সৱে
যিমানে দিন বাগৰিছে
তদন্ত প্ৰক্ৰিয়া হৈছে মন্থৰ ।
অন্যায় অনীতিৰ ক্ষেত্ৰত
আপোচবিহিন স্থিতি ৰখা
এয়াই নেকি গৃহবিভাগ
আমাৰ অসমৰ ??
ইটোৰ পাছত সিটো কৰি
সকলো কৰ্ম্মকাণ্ড দেখি
অনন্তক প্ৰণাম কৰি
বিচাৰিছো পাৰাপাৰ ।
মনত অনুমান হয়
খাকী পোচাক পৰিহিতই
হত্যাকাণ্ডৰ অপৰাধীৰ
নকৰে বিচাৰ ।।
অসমৰ জননেতা আৰু
সঞ্চালক প্ৰধান ডাঙৰীয়ালৈ
জনাইছো কাতৰ আহ্বান ।
বিচৰণ ভূমিৰ পৰা
অপৰাধী কৰায়ত্ত কৰি
ৰাখা গৃহ বিভাগৰ মান ।।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ