এচুকীয়া গাওঁত,
দৌৰিছিল সি আন গাঁৱলৈ
পেটৰ ভোকত।
ক'ৰবাৰ পৰা মাংস এটুকুৰা
সি আনিছিল,
মাংস টুকুৰা সি মুখত লৈ
ঘৰলৈ দৌৰিছিল।
বাটত পাইছিল বাঁহৰ সাকোঁ
পাৰ হ'ব খুজিলে,
তললৈ চাওঁতেই নিজৰ ছাঁটো
পানীত দেখিলে।
মূৰ্খ কুকুৰটো নিজৰ ছাটো
অইন কুকুৰ ভাবি,
দেখিছিল সি পানীৰ তলত
নিজৰে প্ৰতিচ্ছবি।
মাংস টুকুৰা কাঢ়ি ল'বলৈ
সিটো কুকুৰৰ পৰা,
ভুক ভুক কৰোঁতেই সৰিল
মুখৰ মাংস টুকুৰা।
মুৰ্খ কুকুৰটোৱে নিজৰ ভুলতে
মাংস টুকুৰা হেৰুৱাই,
গুচি গ'ল সি বেজাৰ মনেৰে
নিজৰ গাঁৱৰ ঘৰলৈ।
অতি লোভৰ ফল যে বেয়া
অতি লোভ নকৰিবা,
মৰমৰ বাচা কুকুৰৰ দৰে
হাতে হাতে ফলপাবা।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ