আজি অসম কোন দিশে গতি কৰিছে -নাছিৰ আহমেদ

©Admin
0
এটা সময়ত গোটেই পূৰ্বাঞ্চল খন অসম নামেৰে পৰিচিত আছিল ;পৰ্বতীয়া জনজাতি আৰু ভৈয়ামৰ জনগণৰ সংমিশ্ৰণৰ ফলত  বৃহতৰ অসমীয়া জাতি গঢ়ি উঠিছিল।

উগ্ৰ অসমীয়া জাত্যাভিমান বা ৰাজ্যিক তথা কেন্দ্ৰীয় চৰকাৰৰ ভুল নীতিৰ ফলতেই এখন এখন কৈ পৰ্বতীয়া অঞ্চল সমূহ যেনে  নগালেণ্ড,মিজোৰাম,অৰুণাচল,মেঘালয়,ত্ৰিপুৰা আৰু মনিপুৰ ৰাজ্য নাম লৈ অসমৰ পৰা আঁতৰি গ'ল ।

ইতিমধ্যে বি টি এডি ,ডিমাচা, কাৰ্বি আংলঙ আদি পৰ্বতীয়া অঞ্চল তথা পাহাৰীয়া ভাই সকলে আমাৰ পৰা আঁতৰি যাবলৈ উঠিপৰি লাগিছে ।
যি বিলাক বুদ্ধিজীৱীয়ে লোকপিয়লত অসমীয়া ভাষীৰ সংখ্যা কমিছে বা হিন্দুৰ সংখ্যা কমিছে বুলি শংকাত ভুগিছে,তেওঁলোকে বুজি নেপায় কিয় ,এই পাহাৰীয়া ভাই সকলে খৃষ্টান ধৰ্মত দীক্ষিত হোৱাৰ উপৰিও মাতৃ ভাষা বডো,ডিমাচা, কাৰ্বি আদি লিখা আৰম্ভ কৰিছে ।

আমাৰ ভাগ্য ভাল ,এতিয়াও চাহ বাগিচাৰ উৰিয়া আৰু পূৰ্ব বঙ্গীয় মূলৰ মুছলমান সকলে নিজৰ নিজৰ মাতৃভাষা অসমীয়া বুলি লোক-পিয়লত লিপিৱদ্ধ কৰি আছে।
আমাৰ জোৰ পুৰি হাত পালেহি । এতিয়াও আমাৰ উগ্ৰ অসমীয়া জাত্যাভিমান ত্যাগ কৰি পাহাৰীয়া ভাই সকলক বুকুৰ কুটুম হিচাপে আঁকোৱালি ল'ব নোৱাৰিলে তেওঁলোকৰ স্বাভিমানত লাগিব    ;  তাৰ ফল স্বৰূপে তেওঁলোকে অসমৰ পৰা আঁতৰি যোৱাৰ চেলু বিচাৰি অসমীয়াৰ বিৰুদ্ধে নানা হিংসাত্মক কাৰ্যত জড়িত হৈ পৰিব । উদাহৰণ হিচাপে নিজকে অসমীয়া বুলি পৰিচয় দিয়াৰ পিছতো অভী আৰু নীলে কেনেকৈ কাৰ্বি আংলঙৰ দুষ্কৃতিকাৰীৰ হাতত জীঘাংসাৰ বলি হ'ব লগীয়া হৈছিল।

এয়া কেৱল জংঘলীৰ বৰ্বৰতা বুলি কৈ তেওঁলোকক প্ৰত্যাক্ৰমণ কৰিলেই সমস্যাৰ সমাধান  সম্ভৱ নহয়।
আমাৰ সকলো অহমিকাবোধ বিসৰ্জন দি অসমীয়া জাতি গঠনৰ সকলো প্ৰক্ৰিয়া  নতুন কৈ আৰম্ভ কৰিলেহে অসমত চিৰ শান্তি বিৰাজ কৰিব।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)