হৃদয় নামৰ নদী- যুৱৰাজ বাচকোটা

©Admin
0
যিয়ে সুখ, দুখ, হৰ্ষ, বিষাদ , ৰ'দ বৰষুণ
আদিৰ অনুভৱ কৰিব পাৰে 
তাৰ নামেই হ'ল হৃদয় ।
য'ত সঞ্চিত হৈ থাকে দয়া,প্ৰেম ,ভাতৃত্ব,
মানৱতা, পৰোপকাৰ ,আদি সৎ গুণ,
লগতে কিছু অবগুণ ---
তাৰ নামেই হ'ল হৃদয় !
যিয়ে উচিত, অনুচিত,ভাল, বেয়া, শুদ্ধ
অশুদ্ধ অনুভৱ কৰিব পাৰে
য'ত ইচ্ছা,বাসনা, কামনা ,সাহস ,ভয় 
লগতে উৎসাহ উদ্দীপনা সুপ্ত ভাবে থাকি
জাগ্ৰত ৰূপত 
বৰ্ণ ,শব্দ ,বাক্য ৰূপে ওলাই ,আনকো 
জন চেতনা জগাই তুলিব পাৰে 
তাৰ নামেই হ'ল হৃদয়---।
গতিকে হৃদয়ে বাহ্যিক, ভৌতিক ,সুক্ষ্ম
বৰ, আদি উপলব্ধি কৰিব পাৰে,
সমস্ত জীৱ চৈতন্যৰ ভঁৰাল ।
যিয়ে আন্ধাৰতো পোহৰ বিচাৰি আগবাঢ়ি
গৈ থাকে তাৰ নামেই হ'ল হৃদয়।
শব্দ,গল্প,কথা, কবিতা, কাহিনী,স্তৱক আদি হৃদয় নদীৰ পৰাই বয়।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)