ঠিকনা- আব্দুৰ ৰাহিম

©Admin
0
তোমাৰ ঠিকনা
লিখা হ'ল মোৰ হৃদয়ত

উশাহ নিশাহত
তোমাৰ প্ৰতিচ্ছবি।

জীৱন নাটৰ আখৰা থলীত
সামূহিক নন্দিগীত,
ৰৈ ৰৈ বগলীৰ জাকটোৱে
কহুঁৱাৰ মাজে মাজে
বলুকাত শুভ্ৰতাৰ সাজ দিয়ে।

তোমাৰ প্ৰশস্তি গীতৰ
অন্তৰাই অন্তৰাই থাকে
মোক মুগ্ধ কৰা প্ৰেমৰ আবিৰ।

বসন্তই বসন্তই
ফাগুনে ফাগুনে
ৰং সানে অন্তৰিল জীৱনৰ।

হুমুনিয়াহত উৰে বিচ্ছুৰিত বেদনাৰ ধোঁৱা।

আদৰণি আৰু আগমনৰ গীতত
বাজি উঠে জীৱন ঝংকাৰ
সংগ্ৰামী জীৱনৰ,
ক্লেশ্ব আৰু ক্লেদ পূৰ্ণ
বনুৱা জীৱনৰ
আশৈশব্ উচ্ছাস।

প্ৰগতিৰ চোতালত
অহমিকা বোধৰ দ্বন্দ্ব।

পুৰুষে পুৰুষে
ব্যৱধান সংঘাতৰ
ৰূপান্তৰৰ এক পৌৰাণিক জটিলতা
সভ্যতাৰ পৌন পৌনিকতাত
তোমাৰ স্বপ্ন ভঙ্গৰ ইংগিত।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)