লাহে লাহে বাঢ়ি আহিছে,
উজাগৰী নিশাবোৰো বৰ
কষ্টকৰ হৈ পৰিছে আজি।
নিজকে বহুত অকলশৰীয়া
অনুভৱ কৰিছোঁ নিঃসংগ হৈ
আঁউসীৰ জোনটোক এতিয়া
মোৰ অভিমানী কথাবোৰ
হিয়া উজাৰি উচুপি নকওঁ ,
মনৰ কথাবোৰ মনতেই
গোপনেই আছুতীয়াকৈ থওঁ।
মই জীয়াই থাকিব বিচৰা
মোৰ পৃথিৱীখন মই পোৱা নাই।
অকলশৰে বহু দূৰলৈ নীৰৱে
গুছি যাবলৈ মন যায় মোৰ
য'ত মই নিবিচৰাকৈ
বিশাল আকাশত উৰি ফুৰা
এজনী পখী হৈ উৰিম।
সঁচাকৈ এদিন গুচি যাম
মনৰ সকলো ৰং বিহীন সপোন
আৰু আশা মোহাৰি থৈ
নকৰোঁ কাকো অভিমান।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ