শৰতৰ বতৰাৰে চিঠি- জ্যোতিষ্ক বৰুৱা

©Admin
0
এইয়া শৰতৰ বতৰাৰে চিঠি,
কেনে আছা তুমি ?
মই সাৰে থকা ৰাতিতো 
মুখ ফুটাই কব পাৰিলেও কঁপি উঠে 
ওঁঠযুৰি বহু আশংকাত,
পাহৰো বুলি কলেও পাহৰা টান।
তুমি সিঁচি দিয়া যৌৱনৰ অলেখ সপোন ,
হয়তো তুলি ধৰিবা কিজানি 
মোৰ আহত হৃদয় খন তোমাৰ মনত,
হেৰাই যোৱা দিনবোৰ স'তে ৰিজাই
চাবা বৰ্তমানক পাৰিলে ,
এতিয়া প্ৰেম নামে যন্ত্ৰণা হৃদয় খন,
আৰ্ত হৃদয়ৰ যন্ত্ৰণা ,
পাখি লগা সময়ৰ কাঁড়
ইমান নিদাৰুণ দুঃসহ,
পাহৰো বুলিও পাহৰিব নোৱাৰা 
হেৰাই যোৱা দিনবোৰ ,
তথাপিতো বাট কুৰি বাই গৈ আছোঁ 
সময়ৰ স'তে,
নিসংগতাৰ স'তে,
মূহুৰ্তৰ পৰা প্ৰতিমূহুৰ্ত ।
গোপনে অহা এন্ধাৰে নিৰ্জনতাত সোঁৱৰাই দিয়ে ,
অতীততে বুকুত বুকু থৈ
প্ৰেয়সীৰ প্ৰেমৰ সেউজীয়া বননি এখন ,
য'ত জিৰাইছিল আশা-নিৰাশা,
পোৱা-নোপোৱাৰ সাতোটা সপোন ,
এতিয়াও ওন্দোলি থাকে কলিজাৰ 
বাহিৰে ভিতৰে,
গুজৰি গুমৰি উঠে দিনৰ অন্তত ,
নিশাৰ সান্নিধ্যত নিৰ্জনতাত
সময়ৰ আদি অন্তজুৰি
তোমাৰেই জয়গান ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)