সম্পাদকীয় | চতুৰ্থ বৰ্ষৰ ষষ্ঠ সংখ্যা

Rinku Rajowar
0
জীৱনত সফল হোৱাটো বৰ সহজ নহ'লেও একেবাৰে টানো নহয়। সফলতাৰ জখলাডাল বগাবলৈ চেষ্টা কৰাজনে সফলতাৰ শিখৰ চুবলৈ সক্ষম হয়। গতিকে  কোৱা হয়  জটিলতাৰ পিছটো সফলতা ৰৈ থাকে। কিন্তু যিয়ে চেষ্টাও নকৰে আৰু মাথো সফলতালৈ অপেক্ষা কৰে তেওঁ সফলতাৰ পৰীক্ষাত অৱতীৰ্ণটো হ'বই। আঁচলতে সফলতাৰ  সংজ্ঞাটোৱেই ব্যক্তি বিশেষে আপেক্ষিক । এজন মানুহে হয়তো তেওঁৰ দৈনিক কৰ্মৰাজিত নিজৰ জীৱনটোক বিফল বুলি ভাবিব পাৰে   আকৌ একেটি কৰ্মৰাজিতেই থকা  আন এজনে সেয়া তেওঁৰ সফলতা বুলি ভাবি ল'ব পাৰে । আমি সাধাৰণভাৱে এইটোকে ক'ব পাৰো যে নিজৰ ইন্সিত লক্ষ্যৰ মোটামোটি ভাৱে উপনীত হোৱাটোৱেই হ'ল জীৱনৰ সফলতা ।জীৱনৰ লক্ষ্য যিমানে সুচিন্তিত,  সু পৰিকল্পিত, সুদূৰ প্ৰসাৰী আৰু কঠিত হয় সফলতাৰ স্বাদ সিমানে মধূৰ হৈ পৰে ।  সফলতা আৰু বিফলতাৰ সংজ্ঞাৰ পৰিসীমা দিব নোৱাৰি।  কোনোৱাই একপ্ৰাপ্তিত সফল বুলি স্তব্ধ হৈ পৰে কোনোৱাই আৰু সেই প্ৰাপ্তিৰ পৰাই সফলতাৰ আৰম্ভনি কৰে।
  
           ছাত্ৰ ছাত্ৰী সকলৰ বাবে  ভাল কথা হ'ল নিজতকৈ কম সফল লোকক দেখি সুখী হোৱাতকৈ নিজতকৈ বেছি সফলজনক অনুসৰণ কৰা। আৰু পাৰিলে নিজক তেওঁ তকৈ অধিক সফল কৰিবলৈ সাজোঁ কৰা।

       বৰ্তমান সময়ত হাইস্কুল  শিক্ষান্ত  পৰীক্ষা আৰু উচ্ছত্বৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ওলাল ।   প্ৰতিজন লোকে   কিমান আশাৰে বাট চাই থাকে  এই ফলাফলটিৰ বাবে ।   বিদ্যালয়ৰ প্ৰথমখন দেওনা পাৰ হ'বলৈ কিমান বছৰ যে খৰচি মাৰি অধ্যয়ন কৰিব লাগে ! বহুতে ভাল নম্বৰ পাই স্থান লাভ কৰিছে কোনোবাই অলপ নম্বৰৰ বাবে স্থানৰ পৰা বঞ্ছিত হৈছে । কোনোবাই ভৱা মতে নম্বৰ পোৱা নাই ।   কোনোবাই আকৌ ফলাফলত বেয়া কৰিছে।  একাগ্ৰতাৰে অধ্যয়ন কৰিলে  আৰু উচ্চ আকাংক্ষা ৰাখিলে বিচৰামতে ফলাফলটি পোৱা যায় আৰু তেতিয়া  কিমান যে আনন্দ পোৱা যায়  কথাষাৰৰ উপলদ্ধি সকলোৱে কৰিছে .. .

        আমি ভৱাৰ দৰে যথেষ্ট সুবিধা পোৱাজনেহে বা ধনী ঘৰৰ জনেহে অধিক ফল লাভ কৰিবলৈ সক্ষম হয়   তেনে নহয় ।  শিক্ষা সকলোৰে বাবেই সমান । ই ধনী -দুখীয়া , উচ্চ-নীচ 
, বণুৱা -ৰণুৱা সকলোৰে বাবে সমান। 

এজন নিম্নস্তৰৰ ছাত্ৰই যিখন পুথি পঢ়িব সেই একেখন পুথিকেই উচ্চস্তৰৰ ছাত্ৰজনেও পঢ়িব। আৰু সেই পুথিখনৰ পৰা পাব পৰা জ্ঞান সমানেই আহৰণ কৰিব পাৰিব। সময়ত  একেখন প্ৰশ্নকাকতৰে পৰীক্ষা দিব লাগিব । আৰু সেই ফলাফলো একে সময়তে পাব । ভাল ফলাফলে যি দৰে সকলোলৈ আনন্দ কঢ়িয়াই আনে ঠিক সেইদৰে বেয়া ফলাফলেও মনলৈ দুখৰ বাতৰি কঢ়িয়াই আনে ।  মন কৰিব লগীয়া পাথক্য হ'ল  এটাই । সেয়া হ'ল পৰিৱেশ  , পৰিস্থিতি , জীৱন নিৰ্বাহ প্ৰণালী  ।  ধনী জনে সুন্দৰ পৰিবৱেশত থাকি অধ্যয়ন কৰে আৰু দুখীয়া জনে মাটিত বহি তেল চাকিৰ পোহৰত পঢ়ে ।   তথাপিও তাত অধ্যয়ন সামগ্ৰী একেবোৰেই । উচ্চস্তৰিজনে হয়তো ঘৰোৱা শিক্ষকৰো সহায় লয়  আৰু নিম্নস্তৰি জনে টকাৰ অভাৱত ঘৰুৱা শিক্ষকৰ সহায় লৱ নোৱাৰিব পাৰে।  কিন্তু মন কৰিব লগীয়া কথাটো হ'ল বিদ্যাৰ্থী জনৰ অধ্যয়ন প্ৰণালী , নিষ্ঠা , একাগ্ৰতা , শিকাৰ প্ৰতি আগ্ৰহ    । সেইকেইটা দিশৰ ওপৰত যি জনে গুৰুত্ব দিব তেওঁ যি স্তৰৰেই নহওক কিয়, ভাল ফলাফল লাভ কৰিবই । আমি ভাৱো যে  যথেষ্ট সুবিধা পোৱাজনেহে অধিক ফল লাভ কৰিবলৈ সক্ষম হয়! আচলতে কঠোৰ কষ্টকৰাজনেহে ভাল ফল পাবলৈ সক্ষম হয়।
অৱশ্যে এইটোও সত্য যে প্ৰায় ফলাফলৰ বাবে ঘৰ খনৰ লগতে বিদ্যালয়ৰ পৰিৱেশো হ'ব লাগিব উপযুক্ত । কাৰণ পৰিৱেশেহে মনোযোগ স্থিৰ কৰিব পাৰে।

ছাত্ৰ- ছাত্ৰীক কেৱল পাঠ্যপুথিৰ মাজতে সীমাবদ্ধ নাৰাখি মানসিক খোৰাকৰো যোগান ধৰিব পাৰিব লাগিব । কিন্তু এইসমূহৰ উচিত ব্যৱহাৰ হ'লেহে ভাল ফলাফল পোৱা যায় ।    তদুপৰি প্ৰতিযোগিতামূলক মনোভাৱ সৃষ্টিত শিক্ষক সকলেও অগ্ৰাধিকাৰ দিব লাগিব ।।

         মনৰ আনন্দত আত্মহাৰা নহৈ মনত ৰাখিব লাগে --জীৱনত বহু কাম কৰিব লগা আছে , বহু দূৰলৈ যাব লগা আছে  ।।   যি সকলে ভাল ফলাফল লাভ নকৰিলে তেওঁলোকে নিজৰ ভুলবোৰ উপলদ্ধি কৰি পুনৰোদ্যমে আগবাঢ়ি যাবলৈ সংকল্প ল'ব লাগে ।

দূৰ চিন্তা আৰু দুৰ লক্ষ্যইহে দূৰ যাত্ৰাৰ পাতনি মেলে আৰু লক্ষ্য প্ৰাপ্তিৰ হেপাহেৰে কৰা চেষ্টাইহে সফলতাক আপোন কৰিব পাৰে।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)