চোৰ- জ্যোতিষ্ক বৰুৱা

©Admin
0
কমলে আন দিনাৰ দৰেই সোণকালে শুই উঠি গাটো ধুই ধূপ ডাল জ্বলাই ভগৱানৰ ফটো খনত সেৱা জনাই নৱ-বিবাহিতা পত্নী অৰুনীমাক মাত লগালে" হেৰা শুনিছানে কিবা অলপ খাৱলৈ  দিয়া ৷ মোৰ দেৰি হৈছে ৷"
অৰুণীমাই মাত লগালে দিছো ৰৱ  ৷ অৰুণীমাৰ কমলৰ স'তে বিয়া হৈ অহা চাৰি মাহ মান হৈছেহে ৷ 
গৰম গৰম ভাত কেইটা ফুৱাই ফুৱাই কমলে খাই উঠি যাৱলৈ ল'লে  আৰু অৰুণীমাক ক'লে মোৰ অলপ দেৰি হ'ব পাৰে ভালদৰে  থাকিবা ৷
কমলে ডিব্ৰুগড় টাউনতে থাকি  পঢ়া শুনা কৰি স্নাতকোত্তৰ ডিগ্ৰী কৰি চাকৰি বাকৰি নাপাই বেকাৰ হৈ ঘূৰি ফুৰি সদৌ শেষত ডিব্ৰুগড়তে ভাড়া ঘৰত নিগাজিকৈ থাকিবলৈ ললে ৷ কাম ধান্দা বুলি ক'বলৈ হ'লে ডিব্ৰুগড়ৰ পৰা মৰাণ অভিমূখে যোৱা বাছত উঠি যাত্ৰীৰ পকেট মৰাৰ কাম,আনৰ বাইক,চাইকেল চুৰি কৰি বিক্ৰি কৰা সি এটা মস্ত চোৰ ৷ কেতিয়াবা ধৰা পৰি দুই-এজনৰ পৰা লপা থপা খোৱাটো তাৰ এটা অভ্যাসত পৰিণত হৈছে ৷ জুৱা খেলবোৰত গৈয়ো বাজি মাৰি ধন ঘটে ৷ তেনেকৈয়ে চলি থাকে ৷ এবাৰ জুৱাৰ বাজীত ভাল টকা ঘটিল আৰু তাৰ টকাৰে এটি মোৱাইল কিনিলে ৷ মোৱাইলতে এদিন ৰং নাম্বাৰত লাগি ফোনতে অৰুণীমাৰ সতে চিনাকী ৷ লাহে লাহে ফোনত ঘনিষ্ঠতা বাঢ়িল আৰু ঘনিষ্ঠতাই প্ৰেমলৈ ৰূপান্তৰিত হোৱাত বেচিপৰ নালাগিল ৷ প্ৰেমত পৰাৰ পিছত সেই কাম ফেৰা মানে বিবাহ হ'বলৈয়ো বেচি দিন নালাগিল ৷ কোনোবা অফিচত ভাল চাকৰি কৰো বুলি অৰুণীমাক ফুচুলাই নিজৰ কৰি ল'লে ৷ অৰুণীমাই তাৰ চলাহী কথাত ভুল গৈ বিবাহত মত দিলে কিন্তু সি যে এটা মস্ত চোৰ গমেই নাপাইছিল ৷
ভাড়াঘৰৰ পৰা উলাই আহি ফুলবাগানত সি যাত্ৰী বাহী বাছলৈ আপেক্ষা কৰিল ৷মৰাণ অভিমুখে বাছ এখন অহাত সি তাতেই উঠিল ৷ নিদিষ্ট খালী চিট এটিলৈ চকু দি তাতে বহি পৰিল ৷অলপ পিছতে বাছত মানুহৰ ভিৰ বাহিল ৷ ভদ্ৰ মানুহৰ চৰিত্ৰ দেখুওৱাই কোনোবা বৃদ্ধ এজনক তাৰ চিটটো এৰি দি বাছৰ হেঁচা ঠেলাত তাৰ নিদিষ্ট কামটোৰ ধান্দাত চকু দি ফুৰিল ৷ কিন্তু লাভ ন'হল মৰাণলৈকে ক'তো সুবিধা নিমিলিল ৷ সি মৰাণতে নামিল ৷ 
মৰাণত কিছু সময় ৰৈ পুনৰ ডিব্ৰুগড় অভিমুখী বাছৰ আপেক্ষাত ৰ'ল ৷

হেল্ল- অৰুণীমা !  এজন আদহীয়াৰ কন্ঠ স্বৰ 
অৰুণীমা:-অ' মামা কোৱা ৷
আদহীয়া কন্ঠস্বৰ:- তোৰ ঘৰটো কোনখিনিত  ? মই গৈ আছো ৷ তোৰ বিয়াতো থাকিব নোৱাৰিলো ৷ বৰ্তমান চাকৰি সূত্ৰে ডিব্ৰুগড়লৈ বদলি হৈ আহিছো ৷
অৰুণীমা:-ডিব্ৰুগড় নালিয়াপুলৰ ৰানিংগেটৰ সন্মুখৰ গলীৰ প্ৰথম ঘৰটোৱেই আমাৰ ৷ পিছে নিজা ঘৰ নহয় ভাড়াঘৰহে মামা ৷
আদহীয়াৰ কন্ঠস্বৰ:-হ'ব দেচোন ৷ মই গৈ পাই নামিয়েই তোক ফোন কৰিম ৷ তোলৈ বহুত কিবা কিবি লৈ আনিছো ৷
অৰুণীমা:- হ'ব মামা ৷
ফোনটো কাটি অৰুণীমাই কমললৈ ফোন লগালে ৷ বোলো শুনিছেনে মোৰ সৰু মামা(জিতুল)  আহি আছে ৷ পুলিচৰ চাকৰি কৰে, ডিব্ৰুগড়লৈ বদলি হৈ আহিছে ,আজি আমাৰ ঘৰতে থাকিব ৷ সোণকালে আহিবা ৷ আহোঁতে বজাৰৰ পৰা কিবা কিবি লৈ আহিবা ৷
কমলে অৰুণীমাৰ ফোনটো কাটি ভাবিলে আলহী আহিছেহে হয় , কি খুওৱাম ৷আজি বজাৰ মুঠেই ভাল নহয় ৷ এনে দৰে গুনা গঁথা কৰি থাকোতে ডিব্ৰুগড় অভিমুখী বাচ এখন তাৰ কাষতে ৰ'লহি ৷ বাছ খন মানুহ ভিৰ আছিল ৷ মনতে সি  ভাৱিলে আজি ভাল দান এটি ফুটিলেই হয় ৷ ভিৰলৈ ঠেলি সেঁচি সি সোমাই গ'ল ৷ এনেতে চকু ফুৰাই দেখিলে এজন আদবয়সীয়া মানুহৰ বেকপকেটটো ফুলি আছে ৷ কাষত এটি মধ্যমীয়া চাইজৰ নতুন  বেগ যেন আজিয়েই কিনি কিবা কিবি ভৰাই আনিছে  ৷ সুবিধা বুজি মানুহজনৰ বেক পকেটটো অকনো ধৰা নপৰাকৈ কাটি লৈ মনিবেগটো হাতত ললে ৷ তাৰ পিছত বেগটোলৈ চকু দি থাকিল ৷ ইতিমধ্যে বাছখন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সন্মুখত যাত্ৰী নমোৱাৰ সময়ত সিয়ো খৰধৰকৈ বেগটো নিজৰ বেগ যেন দেখাই ধৰি খৰধৰকৈ নামি সেই ঠাইৰ পৰা অন্তধান হ'ল ৷ 
 কথাবোৰ মানুহজনে গমেই নাপালে ৷ অৱশেষত ফুলবাগানত মানুহ জন নামিল ৷ বেগটো বিচাৰি ইফালে সিফালে বাছৰ ভিতৰত চাৱলৈ লাগিল ৷ কণ্ডাক্টৰক সুধাত লাগিল ৷ তেখেতৰ পিছপিনৰ পৰা  এজন মানুহে মাত লগালে  আপুনি যি ঠাইত বেগ থোৱাৰ কথা কৈ আছে সেই ঠাইত থকা বেগটো ধৰি এজন মানুহ বিশ্ববিদ্যালয় কাষতেই দেখোন নামিল খুড়া ৷ মানুহজনৰ আৰু বুজিবলৈ বাকী নাথাকিল ৷ পিচ পকেটত হাত দি চালে পকেটটোও দেখুন ফটা ৷ বেগ বুলিবলৈ মাত্ৰ  কাপোৰ-কানিৰ বেগ এটাৰ বাদেচোৰে কেতিয়াবাই যে সেইটোও সৰকাল তাক বুজিবলৈ বাকী নাথাকিল ৷ মানুহজনে চোৰৰ চেহেৰাটো মনত পৰিল ৷ বাছৰ পৰা নামি মানুহ জন ভাগিনীয়েক অৰুণীমাৰ ঘৰৰ পিনে খোজ দিলে ৷ গৈ পায়েই গেটৰ মুখত ৰৈ তাইলৈ ফোন কৰিলে ৷
অৰুণীমাই গেটলৈ আহি মোমায়েকক ঘৰৰ ভিতৰলৈ লৈ গল ৷ গা-পা ধুই ফ্ৰেছ হ'বলৈ কৈ মোমায়েকৰ বাবে চাহ বনাবলৈ গৈ পাকঘৰ পালেগৈ ৷ 
এনেতে কলিং বেল বাজিল ৷ অৰুণীমাই চাহ বনাবলৈ এৰি দৰ্জা খুলিবলৈ গ'ল ৷ কমল সোমাই আহিল ৷ 
অ' তুমি আহিলা ৷ মামাও আহি পালেহি ৷ মামাক তুমি এবাৰো লগ পোৱা নাই নহয় ! আজি চিনাকী কৰি দিম ৰৱা ৷ তুমি বজাৰ কৰিলানে? 
কমলে মূৰ দুপিয়ালে আৰু ক'লে তোমালৈ ভাল কাপোৰো দুযোৰ আনিছো ৷ লগতে এটি নতুন বেগো কিনিলো ৷ আজি দৰ্মহাৰো দিন আছিল ৷ কাপোৰ দুযোৰ খুলি চাই অৰুণীমাই বেচ ফুৰ্টি পালে ৷ আৰু মোমায়েকক উদ্দেশ্যি মাতিলে
অ' মামা, অ' মামা ৷ ভাগিন জোঁৱাইক এবাৰো দেখা নাই নহয় ৷ আহাঁ আক' আমাৰ এওঁ আহি পালেহি ৷
মোমায়েক জিতুল ভিতৰৰ পৰা ওলাই আহিল আৰু ভাগীন জোঁৱাইক মানে কমলৰ সতে মুখা-মুখি হ'ল ৷
কমলে অৰুণীমাৰ মোমায়কক  দেখা পায় যেন মূৰত আকাশী সৰগ ভাগি পৰা যেন হ'ল ৷ শিল পৰা কপৌ যেন তলমূৰ হৈ ৰ'ল ৷
মোমায়েক জিতুলো আচৰিত হ'ল ৷ ই কি আচৰিত মোৰ সৰ্বস্ব চোৰ কৰা মনত পৰা চেহেৰাৰ চোৰটো দেখোন এইটো ৷
কি কৰিম নকৰিম কৈ জিতুলে কিবা কোৱাৰ আগত কমলে মোমাই শশুৰেক মানে জিতুল আৰু পত্নী অৰুণীমাক তাৰ অতীত আৰু বৰ্তমানৰ ঘটনা সকলো বিবৰি কৈ হাত যোৰ কৰি ক্ষমা খুজিবলৈ লাগিল ৷ 
অৰুণীমাই কি কৰো নকৰোকৈ তাৰ গালত এটা পূৰ্ণ হতীয়া চৰ সোধালে ৷ সি অলপো লৰচৰ ন'হল ৷  সি যে সেই চৰটোৰ যোগ্য সেই ভাৱি মনে মনে থাকিল  ৷ শেষত কান্দি উঠিল  মোক ক্ষমা কৰা অৰুণীমা ৷ মই ইমান দিনে তোমাক সকলো মিছা মাতি আহিছিলো ৷
বহুদেৰি তিনিও নিশ্চুপ হৈ ৰ'ল ৷ মোমায়েক জিতুলে মাত দিলে যি হ'ল হৈ গ'ল আৰু ৷ সেইবোৰ বাদ দে, মোৰ মণিবেগত সত্তৰ হাজাৰ মান টকা আছিল সেই খিনি ৰাখি মোক মণিবেগটো ঘূৰাই দে ৷ অৰুণীমাই হাতত লৈ থকা কাপোৰ দুযোৰো মই তাইলৈয়ে আনিছিলো ৰাখি থ' ৷
মোৰ পৰা চোৰ কৰাএই সত্তৰ হাজাৰটোকে লৈ সৰু সুৰা কিবা ভাল ব্যৱসায় এটিকে ধৰ ৷ মই যিহেতু দুই এবছৰ চাকৰি সূত্ৰে দুই -একবছৰ ডিব্ৰুগড়তে থাকিম, কিবা টকাৰ প্ৰয়োজন হলে কবি মই সহায় কৰিম ৷ মোক টকাখিনি ঘূৰাই দিবও নালাগে ৷ দুয়ো  ভালদৰে থাকিবি ৷ আজিৰ পৰা এনে কাম নকৰিৱি ৷ আজিটো মই ইয়াতে থাকি ৰাতিপুৱা চাকৰিত জইন কৰিম ৷
কমলেও নিজৰ ভুল বুজি পালে ৷ফুটপাথতে শাক পাছলিৰ দোকান দি আজি কালি কমলে সৎ পথে চলি কেৱল শাক পাছলিৰেই বেপাৰী নহয় ,ডিব্ৰুগড় গোটেই নগৰ খনত মাছৰ বজাৰত মাছৰ যোগান দি ভাল ব্যৱসায়ী হ'ল ৷

✍🏾জ্যোতিষ্ক বৰুৱা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)