সপোনৰ শেষ কি-নয়ন জ্যোতি ভৰালী

©Admin
0
:বাপেৰৰ মূৰটো কৰিলি ইমানদিনে চাকৰি এটা ও যোগাৰ কৰিব নোৱাৰিলি।মেট্ৰিকত ইমান নাম কৰিলি তাৰ পিছৰ পৰা আজিলৈ একো এটা কৰিব নোৱাৰিলি এতিয়া ঘৰতে এনেকৈ পেট পেলাই থাক।
           
        খিৰিকীৰ মাজেৰে বৰষুণজাক চাই থকা ভাৰ্গৱে খিৰিকীখন জপাই দি বিচনাখনত শুই ল'লে। বাপেকৰ এনেবোৰ কথাই তাৰ বুকুত শিলে বিন্ধা দি বিন্ধে কিন্তু সি নিমাত।    আচলতে আমি পোৱাতকৈ বেছি আশা কৰো কাৰণে আমিবোৰ কেতিয়াও সুখি হ'ব নোৱাৰো।আমাৰ আত্মীয়-কুটুম্ববোৰ আমাৰ জীৱনৰ প্ৰধান শত্ৰু,অপ্ৰিয় হ'লেও এয়াই সত্য।আমি যিমান ঢুকি পাওঁ তাতকৈ ওপৰৰ সপোনবোৰ আমাক দেখুৱাই,আমিও নভবাকৈ সেই সপোনবোৰৰ পিছত দৌৰি থাকো আৰু দৌৰি দৌৰি যেতিয়া সেই সপোনবোৰ ঢুকি নাপাওঁ আমাৰ আপোনবোৰে তেতিয়া আমাক বহুত তলত ৰাখে।এনেকুৱা কৰে আমি যেন জীৱনত একোৱে কৰিব নোৱাৰিম।আনৰ কথা ম'তে কিয় সপোন দেখিব লাগে,সপোন নিজৰ ম'তে দেখিব লাগে । জীৱনে কি বিচাৰে নিজক সোধা,কাৰোবাক সুখী কৰিবলৈ গৈ নিজে কিয় দুখী হোৱা । আমাৰ সুখত যিয়ে সুখী আৰু দুখত দুখী হ'ব পাৰে সেইবোৰহে প্ৰকৃত আপোন।
        ভাৰ্গৱেও জানে জীৱনত যে কিবা এটা কৰিব লাগে,সিওঁ বুজি পাই জীৱন মানে কি,কিন্তু সি বিফল। বিফল হোৱা মানে সফল হব নোৱাৰা নুবুজায়,অথচ ভুল ৰাষ্টাত সফলতা বিচাৰি যোৱাতোকহে বিফলতা বুজাই।তাৰ কাষত এনে কোনো নাই যিয়ে শুনিব খোঁজে তাৰ মনৰ কথা।বুকুত এসোপামান দুখ লৈ সি এতিয়াও হাঁহি থাকে।
        ৰাতিৰ ভাতকেইটা খাই ভাৰ্গৱে বাপেকৰ ওচৰত বহি ল'লে      
        :দেউতা,মোৰ ভুল হ'ল দে   কথাষাৰ কৈয়ে ভাৰ্গৱে উঠি গৈ নিজৰ ৰুমত সোমাল।ভিতৰৰ পৰা দৰ্জাখন হুক দি জোৰকৈ মোবাইলত গান লগাই নিজেওঁ হিয়া খুলি গান গালে।তাৰ এনে আচৰণত সকলো আচৰিত হ'ল।সিদিনা ৰাতি বাপেকৰ ও দুখ লাগিল,চকুপানী ওলাল,নিজকে ভুল ভুল যেন লাগিল।ৰাতিপুৱা প্ৰায় ১০মান বাজিল।ভাৰ্গৱ এতিয়াও উঠা নাই।এনে সি ৰাতিপুৱা ৬ মান বজাতেই উঠে।কিন্তু আজি-----।বাপেকে বহুবাৰ মাতিলে তাৰ কোনো উত্তৰ নাই। উপায়হীন হৈ বাপেকে দৰ্জাখনকে ভাঙি দিলে।ভাৰ্গৱক দেখি দেউতাক শিল পৰা কপৌতোৰ দৰে স্থিৰ হৈ ৰ'ল----ভাৰ্গৱ আৰু নাই।চিলিং ফেনত ওলমি থাকিল ভাৰ্গৱ,সকলো মায়া যোহ এৰি ভাৰ্গৱ গুছি গ'ল।মাকৰ চিঞৰত সকলো মানুহ জুম লাগিল।ভাৰ্গৱ সচাঁকৈ হাৰি গ'ল নিজৰ আগত,আপোন মানুহৰ আগত। লগত সকলো লৈ গ'ল মাত্ৰ দি থৈ গ'ল এখন চিঠি-

"Sorry দেউতা ক্ষমা কৰি দিবি।তোক চাগে বহুত কষ্ট দিছো ন মই?নোৱাৰিলো অ দেউতা,মই একো কৰিব নোৱাৰিলো। কিন্তু মই বহুত চেষ্টা কৰিছিলো দেউতা।একো নাই দে এতিয়াৰ পৰা তোৰ এটা বোজা কমিল । জীৱনতো উপভোগ কৰিব পাহৰিয়ে গ'লো এইবোৰৰ পিছত দৌৰি দৌৰি।অকলে অকলে বৰকৈ কান্দিলো অ' দেউতা----কাষত কোনো নাই।মাক তই চাবি । বেচেৰিজনী অকলশৰীয়া হৈ গ'ল।মোৰ শৰীৰতোহে মৰিল মোৰ আত্মাটো এতিয়াওঁ তহঁতৰ লগতে আছে।মই থাকিম দে । এতিয়াৰ পৰা আৰু খিৰিকীখনৰ ওচৰত বহি নাথাকো দে, নাখাওঁ দে পেট পেলাই ভাত। মোৰ বহুত আশা থাকি গ'ল অ দেউতা,। মই আকৌ জনম ল'ম কৰবাত । দেউতা অ মাৰ দৰববোৰ সময়মতে খুৱাবি দে।বৰ কষ্ট পাইছো অ দেউতা তহঁতক এৰি যাব একদমে মন যোৱা নাই অ। গৈ থাকো দে দেউতা।ভালকৈ থাকিবি দে।

নয়ন জ্যোতি ভৰালী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)