শিক্ষক,শিক্ষাব্যৱস্থা আৰু শিষ্যৰ ভূমিকা- চুমিন্দ্ৰ চৌধুৰী

©Admin
0
অসতো মা সদ্ গময়
তমসো মা জ্যোতির্গময়
মৃত্যোর্মামৃতং গময়
শান্তি শান্তি ঔঁম
শান্তি ঔঁম শান্তি ঔঁম
হৰি ঔঁম তৎসৎ ।।

প্ৰভূ মোক অনিত্য অজ্ঞানতাৰ পৰা চিৰন্তন সত্য জ্ঞানৰ দিশে লৈ যোৱা । মোক এন্ধাৰৰ পৰা পোহৰলৈ লৈ যোৱা । মৃত্যুৰ পৰা অমৰত্বলৈ লৈ যোৱা ।
     পবিত্র বৃহদাকাৰণ্য উপনিষদত উল্লেখিত এই মন্ত্রৰে উদ্বুদ্ধ অতীজৰ ভাৰতৰ শিক্ষক সকলৰ দায়বদ্ধতা, শিক্ষাব্যৱস্থা আৰু শিষ্যৰ একনিষ্ঠতাৰ ভেঁটিটো  সচাঁকৈ বহুত সবল আছিল ।  জ্ঞানদায়ী গুৰু সকলে শিষ্য সকলক নিজৰ পুত্ৰসম স্নেহ আৰু শাসন কৰিছিল । সেই সময়ৰ শিক্ষা ব্যৱস্থা সম্পূৰ্ণই সুকীয়া আছিল । গুৰুৱে শিষ্যক   শিক্ষাদান কৰাৰ সময়ত পিতৃ -মাতৃয়ে যাতে হস্তক্ষেপ কৰিব নোৱাৰে তাৰ কাৰণে গুৰুৰ টোল সমূহ জনসমাজৰ পৰা বহু নিলগত স্থাপন কৰিছিল। সেই সময়ৰ শিক্ষাদাতা গুৰুৰ আদেশ আৰু উপদেশক শিষ্যই সৰ্বোপৰি বুলি মানি চলিছিল । সেই বাবে গুৰুৰ দায়িত্ববোধো বহুত বেছি আছিল । গুৰুৱে এজন শিষ্য  যিটো বিষয়ত অধিক আগ্ৰহী সেই বিষয়ত তেওঁক নিপুণ কৰি তুলিবলৈ চেষ্টা কৰিছিল ।  শাস্ত্ৰ জ্ঞানৰ লগতে শিষ্যজনৰ আধ্যাত্মিক, বৌদ্ধিক আৰু চাৰিত্ৰিক বিকাশ সাধনৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিছিল । শিষ্য এজনৰ একনিষ্ঠতাৰ ওপৰত গুৰুৱে সম্পূৰ্ণ আস্থা ৰাখিছিল। 
প্ৰাচীন ভাৰতৰ শিক্ষা ব্যৱস্থা পেশাদাৰী নাছিল । শিষ্যই পেশাগত লাভালাভৰ বাবে শিক্ষা গ্ৰহণো কৰা নাছিল।  শিক্ষাদান আৰু শিক্ষাগ্ৰহণৰ মূল কাৰণ আছিল সমাজ তথা ৰাষ্ট্ৰহিত ।  যোদ্ধা, বৈদ্য, অৰ্থনীতিবিদ, ৰাজনীতিবিদ, কাৰিকৰীবিদ, স্থাপত্যবিদ, ভাস্কৰ্য্যবিদ, নৃত্যকাৰ আৰু সংগীতজ্ঞ সকলোৱেই ৰাষ্ট্ৰহিতৰ প্ৰতি সমৰ্পিত আছিল।  সেইবাবে গুৰু আৰু শিষ্যক ৰজা প্ৰজা সকলোৱেই সমানে সমাদৰ কৰিছিল ।এজন গুৰুৰ পৰা  লাভ কৰা সকলোখিনি জ্ঞানৰ ভাণ্ডাৰ পৰবৰ্তীকালত শিষ্য এজনে ৰাষ্ট্ৰহিত অৰ্থাৎ সমাজৰ কল্যাণৰ হেতু ব্যৱহাৰ কৰাৰ লগতে আনকো সেই জ্ঞান বিলাই দিছিল ।
ভগৱান শাক্যমুনি, গৌতম বুদ্ধ এজনকৈ প্ৰসিদ্ধ শিক্ষাগুৰু আছিল।  ভগৱান বুদ্ধৰ শিক্ষাদান, শিক্ষাব্যৱস্থাপনা আৰু  শিষ্যৰ  প্ৰতি থকা দায়বদ্ধতা আৰু লগতে আস্থা সচাঁকৈয়ে এক বিশেষ দৰ্শন বুলিয়েই ক'ব লাগিব। আঁহকছোন  প্ৰভূ শাক্যমুনি আৰু তেওঁৰ দুজন শিষ্যৰ তিনিটা বিশেষ কাহিনীৰে আমি আমাৰ নিজৰ গুৰু সকলক   আজি সোঁৱৰণ কৰোঁ ।
বৈশালী নগৰীত অম্ৰপালী নামৰ এজনী দীপলিপ সুন্দৰী আছিল । সেই সময়ত নগৰৰ সুন্দৰী যুৱতী জনীক নগৰবধূ বুলি কোৱা হৈছিল। ৰীতি পৰম্পৰাগত ভাৱে নগৰবধূ সকল বিয়াবাৰু নোহোৱাকৈ থাকিছিল । সমাজৰ প্ৰতিপত্তিশীল লোক সকলৰ বাবে নগৰবধূসকল আছিল  ভোগ লালসাৰ উপাদান । নগৰবধূ সকল আছিল সম্ভ্ৰান্ত সমাজৰ পেশাগত দেহোপজীৱিনী । 
    এদিনাখন এজন সুঠাম সবল সুন্দৰ যুৱ বৌদ্ধ ভিক্ষু ভিক্ষা বিচাৰি বিচাৰি  সেই অম্ৰপালীৰ দুৱাৰ দলিতে থিয় দিলেহি । সুন্দৰ, সুঠাম বৌদ্ধ ভিক্ষুৰ উজ্জ্বল আৰু বলবান শৰীৰ দেখি অম্ৰপালী ৰোমাঞ্চিত হৈ পৰিছিল । বৌদ্ধ ভিক্ষুজনক মোহাচ্ছন্ন কৰাৰ অভিপ্ৰায়েৰে অম্ৰপালীয়ে অৰ্ধনগ্ন শৰীৰে আহি সুমিষ্ট আহাৰেৰে ভিক্ষা পাত্ৰটো ভৰাই দিলে। চকুত যৌনগন্ধী তীৰ্যক চাৱনি আৰু মুখত অভিমান সনা সুৰেৰে অম্ৰপালীয়ে ডেকা ভিক্ষু জনক প্ৰস্তাৱ দি ক'লে,  চাৰি দিনৰ পাছত বৰ্ষা ৠতু আৰম্ভ হ'ব। আগন্তুক এই চাৰি মাহ মোৰ আতিথ্য গ্ৰহণ কৰি আপুনি যদি এই পঁজাত থাকিলেহেঁতেন নিজকে ধন্য মানিলো হেতেন! 
ডেকা ভিক্ষুজনে অকনো আবেগিক নহৈ  মহাশয়া মই মোৰ গুৰু অনুমতি পালে নিশ্চয় কৈ থাকিব আহিম বুলি কৈ সেইদিনাখন  অম্ৰপালীৰ পৰা  বিদায় লৈছিল।
সেই যুগত বৌদ্ধ ভিক্ষু সকলে বছৰৰ আঠোটা মাহ পৰিভ্ৰমণ কৰি অতিবাহিত কৰিছিল।  কোনো এঠাইত তেওঁলোক তিনি দিনৰ ওপৰ নকটাইছিল। কিন্ত বৰ্ষা ঋতুৰ চাৰিটা মাহ এঠাইতে কটাইছিল । 
    সেই দিনাখন ডেকা ভিক্ষুজন উভতি গৈ সন্ধিয়া প্ৰাৰ্থনাসভা পোৱাৰ আগতেই সতীৰ্থ ভিক্ষু কেইজনমানে প্ৰভূ গৌতম বুদ্ধক ডেকা ভিক্ষুজন অম্ৰপালীৰ ওচৰলৈ যোৱা আৰু চাৰি মাহ তেওঁৰ ঘৰত থাকিবলৈ পোৱা নিমন্ত্ৰণৰ কথাটো কাণচোৱালে । লগতে এজন ভিক্ষুৱে এজনী দীপলিপ বেশ্যাৰ গৃহত আশ্ৰয় লোৱাটো নীতি বহিৰ্ভূত কাম বুলিও প্ৰভূ বুদ্ধক সোঁৱৰাই দিলে । 
প্ৰভূ বুদ্ধই ভিক্ষু সকলক ডেকা ভিক্ষুজন অহালৈ শান্তিৰে অপেক্ষা কৰিবলৈ ক'লে ।
সন্ধিয়া প্ৰাৰ্থনা গৃহত ডেকা ভিক্ষুজন আহি প্ৰভূ বুদ্ধক অম্ৰপালীক লগপোৱাৰ সকলো কথা বিৱৰি কলে ।  শাক্যমুনি অমিতাভে ডেকা ভিক্ষুজনৰ পৰা সকলো খিনি শুনি উঠি তেওঁক চাৰিমাহৰ বাবে অম্ৰপালীৰ ওচৰত থাকিবলৈ অনুমতি দিলে।  
প্ৰভূ অমিতাভৰ সিদ্ধান্তত বাকীসকল ভিক্ষুৱে ঘোৰ আপত্তি দৰ্শালে । এজন ব্ৰহ্মচাৰ্য্য ব্ৰতত ব্ৰতী ভিক্ষু এজন চাৰিমাহ কাল এজনী দেহোপজীৱিনীৰ সৈতে কটোৱা কথাটো সমাজৰ মানুহে সহজ ভাবেই ল'ব নোৱাৰিব ।  নগৰবাসীয়ে বাকীবোৰ ভিক্ষুকো এতিয়াৰ পৰা সন্দেহৰ চকুৰ চাব। 
ভিক্ষুক সকলক শান্ত হ'বলৈ দি শাক্যমুনি প্ৰভূ বুদ্ধই ক'লে তোমালোকে এই সিদ্ধান্তত আপত্তি দৰ্শাব লগীয়া কোনো থল নাই।  তেওঁৰ চকুত মই কোনো ভোগ বাসনাৰ লিপ্সা দেখা নাই ।  তেওঁৰ ধ্যান সাধনা যদি গভীৰ হয় তেন্তে তেওঁ অম্ৰপালীক সুপথলৈ আনিব আৰু যদি নহয় অম্ৰপালীয়ে তেওঁক বিপথে নিব।  গতিকে চাৰিমাহ সময় ৰখা । মোৰ বিশ্বাস তেওঁ অম্ৰপালীক সফলতাৰে সুপথলৈ আনিব ।
চাৰি দিনৰ পাছত ডেকা ভিক্ষুজন অম্ৰপালীৰ ঘৰত চাৰিমাহ কাল থাকিবলৈ গুছি যোৱাৰ পাছত বাকীসকল ভিক্ষুৱে প্ৰভূ অমিতাভৰ সিদ্ধান্তত ডেকা ভিক্ষুজন বিপথে যাব বুলি এক প্ৰকাৰে খাটাং হৈ পৰিছিল।  ভিক্ষুজন যঠেষ্ট ডেকা আৰু সুশীল তাতে অম্ৰপালী বহুত কৰণীয় আৰু সুন্দৰী ৰমনী ।  অম্ৰপালীৰ ওচৰত ডেকা ভিক্ষুজনৰ চৰিত্ৰ স্খলন ঘটাটো স্বাভাৱিক। 
এমাহ, দুমাহ কৈ চাৰিমাহ  অন্ত পৰাত ডেকা ভিক্ষুজন আহি প্ৰভূ অমিতাভৰ ভৰিত দীঘল দি পৰিল।  তেওঁৰ পাছে পাছে অম্ৰপালীও আহি ভগৱান শাক্যমুনিৰ ভৰিত দীঘল দি পৰি ক'বলৈ ধৰিলে, প্ৰভূ মোক ক্ষমা কৰি দিব।  যোৱা চাৰিমাহ ধৰি মই আপোনাৰ শিষ্যক মোৰ ৰূপ যৌৱন আৰু যৌন আবেদনেৰে অবিৰাম প্ৰলোভিত কৰিব চেষ্টা কৰিছিলোঁ । কিন্তু তেওঁক নীতি ভ্ৰষ্ট কৰিব নোৱাৰিলো । তেওঁহে মোক পতিয়ন নিয়াবলৈ সমৰ্থ হ'ল  যে আপোনাত শৰণ লভিলেই জীৱন সাৰ্থক হ'ব । গতিকে মোক আপুনি মোৰ জ্ঞান চকু মেল খুৱাই  সুপথে চলিবলৈ সুমতি দিয়ক। 
পৰবৰ্তীকালত প্ৰভূ অমিতাভৰ পৰা  দীক্ষা প্ৰাপ্তি কৰি অম্ৰপালী এগৰাকী প্ৰসিদ্ধ বৌদ্ধ ভিক্ষুনীলৈ পৰিবৰ্তিত হৈছিল।
এই কাহিনীটোৰ জৰিয়তে গুৰু শাক্যমুনিৰ নিজৰ শিষ্যৰ প্ৰতি থকা আস্থা আৰু বিশ্বাস খুব সুন্দৰ কৈ প্ৰতিফলিত হৈছে । 

 এবাৰ এজন বৌদ্ধ গুৰুৰ আশ্ৰমত শিষ্য সকলৰ মাজত এজন চোৰ ধৰা পৰিল । সকলো শিষ্যই একলগ হৈ ডেকা ভিক্ষুজনৰ বিষয়ে  আশ্ৰমখনৰ গুৰুৰ ওচৰত অভিযোগ দিলে ।  বৌদ্ধ গুৰুজনে সকলোকে শান্ত হ'বলৈ দি ডেকা ভিক্ষুজনক কিছু সময় দিবলৈ ক'লে । গুৰুজনে ডেকা ভিক্ষুজনৰ স'তে এই বিষয়ত আলোচনা কৰিব বুলিও সকলোকে ভৰষা দিলে।  
শিষ্য সকল উভতি যোৱাৰ পাছত বৌদ্ধ গুৰুজনে ডেকা ভিক্ষুজনক চুৰি মহাপাপ কৰাৰ পৰা বিৰত থাকি সৎ পথত আগুৱাই যাবলৈ উপদেশ দিলে । ডেকা ভিক্ষুজনে নিজৰ ভুলৰ বাবে বহুত লজ্জিত আৰু অনুতপ্ত হৈছিল । তেওঁ ভবিষ্যতে আৰু চুৰি কৰাৰ পৰা সম্পূৰ্ণ বিৰত থাকিব বুলি সেইদিনাখন বৌদ্ধ গুৰুৰ ওচৰত দৃঢ়তাৰে সংকল্প লৈ উভতি গৈছিল । 
পাছে কেই সপ্তাহ মানৰ পাছত সেই একেই ঘটনা ঘটিল । ডেকা ভিক্ষুজনে অভ্যাসবশত আকৌ চুৰ কৰিলে। বাকীসকল ভিক্ষুৱে  পুনৰ বৌদ্ধ গুৰুৰ ওচৰত গৈ ডেকা ভিক্ষুজনৰ বিষয়ে অভিযোগ উত্থাপন কৰি বিহিত ব্যৱস্থা ল'বলৈ খাটিলে।  কিন্তু এইবাৰো বৌদ্ধ গুৰুৰ জনৰ একেই ভাষ্য । সকলোকে শান্ত হ'বলৈ দি বৌদ্ধ গুৰুৱে ডেকা শিষ্য জনক আৰু কিছু সময় দিবলৈ ক'লে । বৌদ্ধ ভিক্ষুক সকল অসন্তুষ্ট হ'ল যদিও গুৰুৰ আদেশক উপেক্ষা কৰিব নোৱাৰি তেখেতৰ কথাত সন্মতি জনালে ।
কিন্তু দুৰ্ভাগ্যবশত ডেকা ভিক্ষুজনে নিজৰ ইচ্ছাৰ স্বতেও নিজক সংশোধন কৰিব নোৱাৰিলে। কেইটামান সপ্তাহৰ পাছত পুনৰ তেওঁ অভ্যাস বশত আশ্ৰমখনৰ এজন ভিক্ষুৰ কিছু লাগতিয়াল বস্তু চুৰ কৰি ধৰা পৰিল।  এই বাৰ বৌদ্ধ ভিক্ষুসকল  ক্ষুদ্ধ হৈ পৰিল । বৌদ্ধ গুৰুৱে এইবাৰো ডেকা ভিক্ষুজনক আৰু কিছু সময় দিবলৈ বিচৰাত সকলোৱেই ঘোৰ আপত্তি জনালে ।  সকলো বৌদ্ধ ভিক্ষুৱে তেওঁলোকৰ গুৰুক জনাই দিলে যে এই ডেকা ভিক্ষুজনে আশ্ৰমখনৰ পৰিৱেশ বিনষ্ট কৰিছে গতিকে তেওঁক ততালিকে আশ্ৰমৰ পৰা নিৰ্বাসন কৰিব লাগে ।  অন্যথাই সকলো ভিক্ষুৱে আশ্ৰম ত্যাগ কৰিব বুলিও গুৰুক অবগত কৰিলে ।
ইফালে বৌদ্ধ গুৰু নিজৰ সিদ্ধান্তত অটল । তেওঁ কোনো পধ্যেই ডেকা ভিক্ষুজনক আশ্ৰমখনৰ পৰা খেদি পঠিওৱাৰ কথাটো মানি ল'ব নিবিচাৰিলে । তেওঁ ভিক্ষু সকলক উদ্দেশ্যি কৈছিল, তোমালোক মেধাসম্পন্ন ছাত্ৰ । তোমালোকে যিকোনো গুৰুৰ টোলত সহজেই ভৰ্তি হ'ব পাৰিবা । যদি মই ডেকা ভিক্ষুজনক নিৰ্বাসিত কৰোঁ তেন্তে তেওঁ ক'ত যাব? তেওঁ কোনো আশ্ৰমতে স্থান নাপাব।  গতিকে মই তেওঁক নিঠৰুৱা কৰিব নোৱাৰোঁ।  যদি তোমালোকে বিচৰা তেন্তে তোমালোকে এই আশ্ৰম পৰিত্যাগ কৰিব পাৰা । বৌদ্ধ গুৰুৰ মুখৰ কথা শুনি সকলো বৌদ্ধ ভিক্ষুৰ মূৰত স্বৰ্গ ভাঙি পৰিল।  দয়ালু গুৰু জনাৰ দায়বদ্ধতা আৰু দৃঢ় সংকল্পত অভিভূত হৈ ডেকা ভিক্ষুজনে হুকহুকাই কান্দি গুৰুৰ ভৰিত দীঘল দি পৰিল । সেই ঘটনাৰ পাছত ডেকা ভিক্ষুজনে আৰু কাহানিও চুৰ কৰা নাছিল। 
এই কাহানিটোৱে অতীজৰ সংস্কাৰমুখী শিক্ষা ব্যৱস্থা আৰু গুৰু এজনৰ একনিষ্ঠতা আৰু দায়বদ্ধতাৰ বহুত সুন্দৰ ভাৱে দাঙি ধৰিছে । 

  বহু বছৰ আগত অৱন্তী নগৰৰ সমীপৰ এখন বৌদ্ধ আশ্ৰমৰ  বৃদ্ধ গুৰুজনে দায়িত্বভাৰ এজন শিষ্যৰ হাতত গতাই দীক্ষাদানৰ পৰা অৱসৰ ল'ব বুলি থিৰাং কৰিলে । দুজন মেধাসম্পন্ন শিষ্যই গুৰুৰ মনৰ অভিপ্ৰায়  জানিব পাৰি আশ্ৰমখনৰ দায়িত্বভাৰ গ্ৰহণ কৰিবলৈ ইচ্ছাৰ প্ৰকাশ কৰিলে। বৃদ্ধ গুৰু বিপাঙত পৰিল।  কাৰণ তেওঁৰ দুয়োজন শিষ্য মেধাসম্পন্ন, দায়িত্ববান আৰু সৎ । তেওঁ দুয়োজন শিষ্যক মাতি আনি এমুঠি সৰিয়হ দি ক'লে- মই এমাহ সময়ৰ বাবে তীৰ্থ ভ্ৰমণত যাব ওলালোঁ।  তোমালোক দুয়োজনে  সৰিয়হখিনি সযঁতনে ৰাখিবা।  উভতি অহাৰ পাছত তোমালোকে মোক সৰিয়হ খিনি ঘুৰাই দিবা ।
গুৰু তীৰ্থ ভ্ৰমণলৈ যোৱাৰ পাছত তেওঁৰ এজন শিষ্যই সৰিয়হৰ টোপোলাটো  উপাসনা গৃহৰ এখন আসনত ৰাখি নিতৌ পুৱা গধূলি পূঁজা সেৱা কৰি যাব ধৰিলে । আনজনে আকৌ গুৰুৰ পৰা পোৱা সৰিয়হ মুঠি  আশ্ৰমখনৰ বাগানৰ একোণত সিঁচি পুৱা গধূলি সাৰ পানী যোগাই যাব ধৰিলে। 
এমাহ উকলি যোৱাৰ পাছত বৃদ্ধ গুৰু আশ্ৰমলৈ উভতি আহি দুয়োজন শিষ্যক সৰিয়হ খিনি ঘুৰাই দিবলৈ ক'লে। প্ৰথম  শিষ্য জনে উপাসনা গৃহত সযতনে ৰখা সৰিয়হৰ টোপোলাটো গুৰুৰ হাতত তুলি দিলে । কিন্তু দ্বিতীয় শিষ্য জনে বৃদ্ধ গুৰুক আশ্ৰমখনৰ বাগিচাখনলৈ আহিবলৈ হে অনুৰোধ কৰিলে ।  বাগিচাখনৰৰ একোণত লহপহ্কৈ বাঢ়ি অহা সৰিয়হডৰালৈ  আঙুলিয়াই শিষ্য জনে ক'লে - গুৰুদেৱ ক্ষমা কৰিব।  মই এতিয়াই সৰিয়হ খিনি  আপোনাক ঘুৰাই দিব নোৱাৰিম । আপুনি দিয়া সৰিয়হ মুঠি সিঁচি দিলো।  যত্ন পাই গজি উঠা সৰিয়হ ডৰা লহপহাই বাঢ়িব ধৰিছে।  মোৰ আত্মবিশ্বাস আপোনাক আৰু কিছু দিনৰ পাছত ততোধিক সৰিয়হ দিবলৈ সমৰ্থ হ'ম। বৃদ্ধ গুৰুৱে  দ্বিতীয় শিষ্যজনৰ চিন্তাধাৰা আৰু কাৰ্য্যকলাপত অভিভূত হৈ তেওঁকে আশ্ৰমখনৰ দায়িত্বভাৰ প্ৰদান কৰিলে। 
এই কাহিনীটোৱে অতীজৰ ভাৰতৰ শিক্ষা ব্যৱস্থা সংৰক্ষিতবাদী ৰ পৰিবৰ্তে সম্প্ৰসাৰণবাদী চিন্তাধাৰাৰে উদ্বুদ্ধ আছিল ।  আমি প্ৰায়েই সমালোচনা কৰাৰ দৰে পৌৰাণিক ভাৰতৰ শিক্ষা ব্যৱস্থাত  বেদ, উপনিষদ , পুৰাণ আদিৰ জ্ঞান বিশেষ শ্ৰেণীৰ লোকৰ হাততে সীমিত নাছিল । জ্ঞানৰ পৰিসৰ বিশালৰ পৰা বিশালতম কৰিবলৈ সেই সময়ৰ মহা মনীষ সকলে যত্পৰোনাস্তি চেষ্টা কৰিছিল বুলি বহুতো প্ৰমাণ আছে । 
ওপৰত বৰ্ণিত কাহিনী তিনিটাৰ পৰা এটা কথা বুজিব পাৰি যে এখন সমাজ বৌদ্ধিক দিশত সুস্থিৰ আৰু সবল হ'বলৈ সমাজ খনৰ শিক্ষা গুৰুসকল আৰু শিক্ষাব্যৱস্থাৰ লগতে  শিষ্য তথা ছাত্ৰ ছাত্ৰী সকলৰো বিশেষ ভূমিকা আছে।  গতিকে  আজিৰ ছাত্ৰ সমাজ সস্তীয়া ৰাজনীতিৰ পৰা  আঁতৰি আহি একনিষ্ঠতাৰে শিক্ষা গ্ৰহণ কৰি সমাজ তথা ৰাষ্ট্ৰহিতৰ প্ৰতি কাম কৰি যোৱাটোহে সমীচীন হ'ব।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)