তিক্ততা•• পুলকেশ কলিতা

©Admin
0
কেনভাচত পঁচা পাউৰুটি সানি মনালিছা আঁকিব পৰাকৈ মই লিঅ'নাৰ্ডো-ডা-ভিন্সি নহয় । আপোনাৰ বুকুত ভেকেটা ভেকেট গোন্ধ

অস্ত্ৰোপচাৰ কৰি চাওঁতে ওলাল

দুটি অবৈধ ৰক্তজৱা...

বিশ্বাসৰ তুলাচনী আজি হাততে নৰয় । আপুনি গোলনেমু কাটি থকাৰ সময়ত পাইথাগোৰাছে পৃথিৱীৰ পৰিধি উলিয়াইছিল, আপুনি হৃদয়খন টানি বহল কৰাৰ সময়ত মোৰ অংকত আকাশৰ পৃষ্ঠকালি ওলাইছিল । আপুনি যি বুকুক আকাশৰ লগত তুলনা কৰে, মোৰ গেলি যোৱা মঙহ খাই চিলনীয়ে সেই আকশতে উৰে । মোৰ একো গজ নপৰে আপোনাৰ বাবে কবিতা লিখিবলৈ..

মোৰ কোনো আক্ষেপ নাই আপোনাক ওভতাই আনি জীয়াই তুলিবলৈ, আপুনি মৰক বুলিও শাওঁ দিব নোৱাৰো জীয়াই থাকক বুলিও শুভকামনা জনাব নোৱাৰো । কেৱল বিদ্যুতৰ তাঁৰত বহি মোলৈ চাই নাহাঁহিব ...!!

দুপাখি মেলি ৰাতি দুঃস্বপ্ন হৈ নিদ্ৰাহৰণ নকৰিব, এটি বাদুলি হৈ জীয়াই থাকক


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)