"প্ৰেম হ'ব লাগে কাগজ কলমৰ দৰে"
সেয়ে মই নিজকে কলম সজাই
কাগজ সদৃশ তোমাৰ বুকুত লিখিছিলোঁ
প্ৰথম প্ৰেমৰ আঁক-বাঁক কিছু কবিতা,
কিন্তু যিদিনা জানিব পাৰিলোঁ
তুমি কাগজৰ পৰা ৰূপান্তৰিত হৈছা
এটি আপোচ বিহীন দামী দলিত
সেইদিনাৰ পৰাই মোৰ বিষম অনুতাপ!
কি লিখিলোঁ?
কিয় লিখিলোঁ ?
মোৰ জীৱন সংগ্ৰামৰ নিষ্ঠুৰ মালিতা।
তুমি মোক আচামী প্ৰমাণ কৰিবলৈ
বহু বাৰ মাতি নিলা কাঠগঢ়ালৈ
মই হাজিৰ হৈছোঁ প্ৰতিদিন
তোমাৰ একাধিক অভিযোগ
মই মানিছো নত শিৰে,
দিনৰ শেষত মই উভতিছো ব্যৰ্থতাত
আৰু তুমি নিজকে ৰাখিছা দূৰত,
বিষাদ- যন্ত্ৰণাৰ পৰা বহুতো দূৰত;
দামী ফাইলৰ সুৰক্ষিত স্থানত।
মই তোমাৰ মুখামুখি হৈ
ভুল-ভ্ৰান্তি বোৰ সংশোধন কৰিবলৈ
থানা -পুলিচ, উকীল -কাচাৰী
সকলোতে ফুৰিছো ঘূৰি,
কিন্তু তুমি মোৰ
ভুল শুধৰাবলৈ সুযোগেই নিদিলা কোনো দিনে।
বহু বছৰ উকলি গ'ল তোমাৰ প্ৰতীক্ষাতে
এতিয়া হয়তো !
তুমি মোক নিবিচৰা কোনো দিনে,
মইও এতিয়া নিবিচাৰোঁ তোমাক ।
জানো এতিয়া আছা বৰ যত্নত
দামী ফাইলৰ অন্তৰাত্মাত।
মইও নিজৰ ভুল অনুতাপ কৰি কৰি
ডায়েৰীৰ প্ৰতিটো উকা পাতত
লিখোঁতে মোৰ মনৰ আবেগ
প্ৰেম হ'ল দ্বিতীয়বাৰৰ বাবে।
ডায়েৰী আৰু মোৰ প্ৰেম আলিঙ্গনত
সৃষ্টি হ'ল হাজাৰ কবিতাৰ ।
আমাৰ আয়ু সদৃশ চিয়াঁহী আৰু কাগজ
শেষ হওঁ হওঁ অবস্থা
হয়তো পৰবৰ্তী দলিলৰ মিলন
সেয়ে ডায়েৰী বুকুত লেখিলোঁ পুনৰ --
"দাম্ভীকতাত যদি সুৰক্ষিত তুমি,
তাতেই মোৰ মহা সুখ।
মাৰ্জনা কৰিবা হে ৰূপান্তৰিত দলিল,
মোৰ প্ৰথম প্ৰেমৰ সমস্ত দোষ।
মোৰ প্ৰথম প্ৰেমৰ
সমস্ত দোষ..................."
✍️ ফাৰুক হুছেইন
হাউলী,বৰপেটা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ