জীৱনৰ সঁচা সুখবোৰ -জ্যোতিষ্ক বৰুৱা

Sibani Baruah
0
এখন ঘৰত, পৰিয়ালত,বংশত ওচৰ চুবুৰীয়াৰ মাজত দাদা-নৱৌ,বাইদেউ, বৰদেউতা-বৰমা,জেঠাই,খুড়া-খুড়ী,
পেহী, ককা-আইতা থাকিলে সৰুকালত কিমান যে সুখৰ দিন ৷ মা-দেউতাৰ পিছতে তেওঁলোকে দিয়া নি:স্বাৰ্থ মৰমবোৰৰ মাজত থাকে অভিভাৱক ভৰা অতুলনীয় অৱদান ৷ সৰুতে ফুৱাই ফুৱাই গুজি দিয়া গৰম ভাতবোৰ লাডু কৰি ফুচুলাই ফুচুলাই মুখত গুজি দিয়া সেই ভাতৰ মাজত ল'ৰালিৰ মাজত মুখত পোৱা সোৱাদৰ সুখকন জানো কেতিয়াৱা পাহৰিৱ পাৰি ??? পূজা,নতুন বছৰ,বিহু আহিলে দিয়া মৰমৰ উপহাৰ বোৰৰ লগতে, কেতিয়াৱা চাইকেলত,কেতিয়াৱা কান্ধত,কেতিয়াৱা বোকোচাত ফুৰাৱলৈ নিয়া ৷ চোলা কাপোৰ ধুই দিয়া,গা ধোৱাই হাত ভৰিত তেল ঘঁহি, মূৰত তেল দি মূৰ ফণিয়াই দিয়ালৈকে ৷ স্কুললৈ যাৱলৈ সাজু কৰি দিয়ালৈকে ল'ৰালিতে দিয়া তেওঁলোকৰ অৱদান বোৰত থাকে সঁচাকৈয়ে এক  নি:স্বাৰ্থ আন্তৰিকতা ৷ মা-দেউতাই কেতিয়াৱা আমিবোৰ দুষ্টামি কৰিলে দুচাত দিৱলৈ ললে তেওঁলোকৰ কাষত গৈ নিজকে বচোৱাৰ প্ৰৱনাত কাতৰ কান্দোন বোৰ শুনি থাপ মাৰি কোলাত তুলি লৈ দিয়া অভয় আৰু শান্তনা বাণী বোৰত কিযে সুখ আৰু কি যে অকৃত্ৰিম চেনেহ লুকাই আছিল ৷ জ্বৰ বেমাৰ হলে দিনে নিশাই ইজনৰ কোলাৰ পৰা সিজনৰ কোলালৈ তুলি দি দিন-ৰাতি  পাৰ কৰা সেই সময়বোৰত লুকাই থকা সেই দিনবোৰত আছিল কৈ শেষ কৰিৱ নোৱাৰা অপত্য চেনেহৰ এক এৰাব নোৱাৰা এনাজৰীৰে গঢ়া  বান্ধোন ৷ কোনোজনকো কেতিয়াও কোনো কাৰণত  কৰবাত খুঁট ধৰিৱ নোৱাৰি ৷ সকলোৰে পৰা পোৱা মৰম,শাসন,প্ৰতিমূহুৰ্তত যেন আছিল অনুভৱৰ ফাঁকত আজিও বিচাৰি পোৱা নিভাঁজ নিৰ্ভেজাল মৰম ৷ খুড়ীবোৰো মাকতকৈ কেতিয়াও কম নাছিল ৷ খুড়ী কেইজনী কেৱল চাগে নিজৰ সন্তান ৰূপত নিজৰ গৰ্ভত জন্ম নিদিলেও বাকী সময়ত আদৰ, যত্ন লোৱাত কোনো কালেই ক্ৰটি কৰা নাছিল ৷ দেউতাকৰ দৰে খুড়া বোৰো মৰমৰ ক্ষেত্ৰত ,শাসনৰ ক্ষেত্ৰতেই হওক দেউতাৰ দৰেই আছিল এক বিশাল হৃদয়ৰ ৷ এটা সময়ত এখন ঘৰলৈ বিয়া দি ওলিয়াই দিয়া পেহী জনীও  আন এখন ঘৰলৈ গৈ ভতিজা -ভতিজী বোৰক মনত পেলাই খৱৰ ৰাখে ৷ দাদা-বাইদেউ ঘৰত থাকিলে তেওঁলোকে স্কুলৰ পৰা আহিয়েই কিতাপ পত্ৰবোৰ দলিয়াই ভায়েক-ভনীয়েকবোৰকহে বিচাৰে ৷ কৰবাত কেতিয়াৱা কিবা পালে,ঘৰত কিবা ভাল কিবা খাৱলৈ দিলে ভায়েক-ভনীয়কলৈ থোৱাটো সেই সময়ত যেন আছিল কোনোদিন তাৰ মূল্য পৰিশোধ কৰিৱ নোৱাৰা অকৃত্ৰিম মৰম ৷ সেই দিনবোৰ পুৰণি হল যদিও যেন মনত ভাৱ হয় সেইবোৰ যেন সৌ-সিদিনাৰ দিনেই আছিল ৷ বাস্তৱতাত সকলোৰে একোখন ঘৰ হল ৷ যৌথ পৰিয়ালৰ পৰা এখন এখন কৈ ঘৰ হৈ মানুহৰ মনটোত সেই সঁচা ৰঙৰ ছবিৰে অঁকা নিভাঁজ মৰমবোৰৰ মাজত বুটলি পোৱা সুখ-আনন্দৰ টোপোলাবোৰত আজিকালি যেন কৰবাত অলপ অলপকৈ কৃত্ৰিমতাৰ ঘূণে নিশ্চয় ধৰিৱ লাগিছে ৷ 

ইয়াৰ পিছতে মামাৰ ঘৰখন ৷ এনাদেউ -পুথাদেউ,মামা-মামী,মাহীৰে ভৰি ঘৰখনত যেন ভাগিনৰ প্ৰতি মৰমৰ আবদাৰ আৰু কৃত্ৰিম শাসনবোৰ ৷ গৰমৰ বন্ধত,পূজাত,বিহুত কিছুদিনৰ বাবে মামাহঁতৰ ঘৰখনত সৰুতে গৈ পোৱাৰ মাত্ৰকে মামা-মামী, মাহী হঁতে পদূলিতে  সাৱটি-দাঙি ভিতৰলৈ নি ইটো-সিটোৰে নানা কথাৰে সুধি সুধি মৰমতে খাৱলৈ দিয়া ………ইত্যাদি ৷ নীশা হলে এজনৰ বিচনাৰ পৰা আন এখন বিচনাত প্ৰত্যেকৰ কাষত অলপ সময় শুই শান্তি পোৱা  দিনবোৰত আছিল ল'ৰালিত এক পোৱা সুখ ৷

 পৰিয়ালৰ মাজত, মামাৰ ঘৰখনত
নিশাটো গৰমত ইটোৱে সিটোৱে বিচনীৰে বাহ দি শান্তিত টোপনি যাৱলৈ দিয়া পৰম সুখ কনত আছিল যেন জীৱনৰ এক মধুৰ ক্ষণ ৷
বাটে ঘাটে,দোকানে বজাৰে লগ পালে  সৰুতে মিঠাইৰ দোকানলৈ নি যিটোকে  খাব বিচাৰো,যিটোকে লৱ বিচাৰো তাকে লৱলৈ দি সুখ দিয়া মামাৰ ঘৰখন জানো কেতিয়াৱা পাহৰিব পাৰি ৷ মামাৰ ঘৰখনৰ পৰা ফুৰি চাকি আহোঁতে খম খমীয়া চিকচিকিয়া নোট কেইটা আগজেপত গুজি দি আধাবাটলৈ চাইকেলৰ ফ্ৰেমত গাৰু এটি দি বহাইলৈ আগবঢ়াই দিয়া মামাজনৰ সেই মৰমবোৰ আছিল সঁচাকৈ অতুলনীয় মৰমৰ চানেকী ৷ তুলি কৈ শেষ নোহোৱা সৰুদিনতে সকলোৰে পৰা  সেই মৰমবোৰ,শাসনবোৰ,দুষ্টামি ভৰা সৰু মনৰ অভিমান বোৰত যেন আছিল কি যে সুখ আৰু অপাৰ আনন্দ এতিয়াও মনত যেন স্মৃতিৰ সঁফুৰাত সজীৱ হৈ আছে সেই দিনবোৰ, সেই দৃশ্যবোৰ… …৷

✍️জ্যোতিষ্ক বৰুৱা
     নামৰূপ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)