নতুন ঘৰ -এছ. ইছলাম

Sibani Baruah
0
আছিলোঁ বৰ  আৰামত
পুৰণি ঘৰত
সুখৰ অনাবিল আনন্দ
বিৰাজ কৰিছিল তাত
নাছিল চিন্তা নাছিল ভাৱনা
হাঁহি মাতি গান গাইছিলোঁ
নাচিছিলোঁ ফুৰিছিলোঁ স্ফুৰ্তিত 
মতলীয়া হৈছিলোঁ। 
নতুন ঘৰলৈ আহি
পৰিলোঁ বিভিন্ন সমস্যাত
কাম ক্ৰোধ লোভ মোহ
মদ মাৎসৰ্যই বেৰি ধৰিলে
সৎপথ বিচাৰি নাপালোঁ
কটাকটি মৰামৰি 
পৰিলোঁ হুলস্থুলীয়া পৰিবেশত 
মিছা, ঠক আৰু প্ৰৱঞ্চনাই
ল'লে থিতাপি নতুন ঘৰত
হে প্ৰভু নতুন ঘৰত
দিবানে সুখৰ স্থান? 
              
✍️ এছ.ইছলাম, শিক্ষক
      বৰপেটা
                    

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)