জ্যোতি বিষ্ণু ফণী শৰ্ম্মাৰ
ইতিহাসে গৰকা ঠাই ।
নীলকান্ত শান্তিপ্ৰিয়াৰ
নন্দন সুধাকণ্ঠই
ইয়াতো কৃষ্টিৰ সুবাস পায় ।।
পৌৰাণিক যুগৰ
বাণৰ অগ্নিগড় আছে
আছে চিত্ৰলেখা নগৰ ।
বিশ্বনাথ ধামৰ পৰা
প্ৰকৃতি প্ৰেমীয়ে
পিন্ধাইছে সাজ
সেউজী বৰণৰ ।।
চহৰৰ মাজে মাজে
পথৰ দাঁতিৰ কাষে কাষে
গুজিছে বিৰিখৰ পুলি ।
গাঁঠিৰ ধন ভাঙি
ধৰিছে তুলি মহানতা
প্ৰকৃতিৰ অক্লান্ত
প্ৰেমিক বুলি ।।
সংস্কৃতিৰ বৃহৎ ক্ষেত্ৰ
এই বানৰ নগৰীলৈ
বিশ্বনাথৰ পৰা আহি
পিন্ধাই লাৱনি খোপাত
লাজুকী ওৰণী
মুখত এমোকোৰা হাঁহি ।।
বিশ্বৰত্নৰ সমাধি
শংকৰদেৱ কলাক্ষেত্ৰ
তুলিছে শ্যামলী কৰি ।
নাই যেন নিজাঘৰ
নাই কোনো আপোন পৰ
বিশ্বনাথৰ যাযাবৰী ।।
সেই জনেই হ'ল
বামগাঁও নিবাসী
অধিবক্তা কুমুদ বৰুৱা ।
প্ৰকৃতি আৰু পৰিবেশৰ
ঋণ সুজিব নোৱাৰি
বসুধাত আজি ধৰুৱা ।।
মইও বিশ্বনাথৰে
অজ্ঞানী হীনমতি
নাজানো কি লিখিছো মই ।
জ্ঞানশূন্য মগজেৰে
কামনা কৰিছো
কুমুদ ককাইদেউৰ
হওক জয় ।।
✍️ বসন্ত ওজা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ