দেউতাৰ নিথৰ দেহটো
যেতিয়া চিতাৰ জুইত জ্বলি জ্বলি
শেষ হোৱালৈ চাই চাই ৰৈ থকা
বিষাদৰ সময়বোৰত হৃদয়ত অনুভৱ কৰা
শেষ অভাৱটোৱে আজিও মোক
নিশাটোবোৰত প্ৰায়েই আমনি কৰে ৷
সেইয়াই আছিল দেউতা………৷
দেউতাৰ পৃথিৱীত………
শেষহীন গন্ধবোৰ বিচাৰি
স্মৃতিৰ পাতত ঘূটমূটিয়াই নিশাটোত বাগৰ সলাওঁ,
মাটিৰ পৃথিৱীত জীয়াই থকাৰ সাহসৰ ঠিকনা বিচাৰি…………
চিন্তাৰ চাপ,অভাৱ আৰু অনুভৱবোৰত
হাঁহি বিৰিঙাবলৈ
চেতনাবোৰ জগাবলৈ
চেকনিৰ কোব দিবলৈ
অভাৱতকৈয়ো যেন অভাৱ এতিয়া,
ভাল কৰিলে প্ৰশংসা,
বেয়া কৰিলে শুধৰনি,
ভুল কৰিলে তিৰস্কাৰ,
দুখ কৰিলে তুমি দিয়া বুজনিত
মোৰ প্ৰতি আছিল নি:স্বাৰ্থ
অপত্য চেনেহৰ বহু অৱদান,
তোমাৰ পৃথিৱীত আছিলো যেতিয়া
সাহসৰ জখলাৰে মাটিৰ পৃথিৱীত
খোজ দিলো,
পাৰ হ'লো ক'ত নদ-নদী,
ভেটিলো কত প্ৰৱল সোঁত,
কাৰণ তোমাৰ এখন হাতৰ
এটি আঙুলিত
ধৰি আছিল মোৰ সম্পূৰ্ণ এখন হাত।
মাটিৰ পৃথিৱীত
তুমি বিহীনতাৰ শেষ অভাৱত যেন
এতিয়া নিজৰ মাজত
জীৱনটোৰ মূল্যৰেই অভাৱ……৷
✍🏾জ্যোতিষ্ক বৰুৱা
নামৰূপ,অসম ৷
মোৱাইল নং:-৯৩৬৫০০৮৩৪৩
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ