গোমা আকাশ- ৰশ্মি ৰেখা দুৱৰা

©Admin
0
ধুমুহা হৈ নাহিবা তাণ্ডৱ সৃষ্টি কৰিবলৈ
চৌদিশ তোলপাৰ লগাই
শ্ৰমিকৰ সুখবোৰ কাঢ়ি লৈ
সুখৰ পঁজাটি নষ্ট কৰিবলৈ।

বজ্ৰপাত হৈ নাহিবা অভিশঙ্কাৰ সৃষ্টি কৰিবলৈ
বেৰৰ জলঙাৰেদি গাজনিৰ পোহৰে
সংশয় আলোড়নৰ সৃষ্টি কৰি
উচ্চস্বৰত সবাকে শিহৰণ তুলিবলৈ।

দবাপিটা শিল বৰষুণ হৈ নাহিবা
ঘৰৰ চালে আকাশ দেখাকৈ
বৰঘৰত বহি আকাশৰ তৰা গণি
শোকৰ ক্ষণ গণিবলৈ।

ধুঁৱলী-কুঁৱলী কৰি বাট নমনা হৈ নাহিবা
চকু চাট মাৰি ওৰেতো জীৱন 
ঠিকনা হেৰাব চিনাকি বাটত
নিষ্প্ৰদীপৰ স'তে গঢ়িব লাগিব মিত্ৰতা।

গোমা আকাশে আগলি-বতৰা আনি
জাগ্ৰত কৰে মানৱলোকত,
বিশালতৰ গোমা আকাশখনো প্ৰিয়
মাহাত্ম্য যে অপৰিমাপ্য।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)