অসমৰ অন্তহীন সমস্যা-পৰিস্মৃতা দত্ত

©Admin
0
বিশাল বিশ্বৰ অসম এখনি সৰু ৰাজ্য
কিন্তু অসমৰ সমস্যাৰ নপৰিবই যে অন্ত , 
বিভিন্ন জাতি - উপজাতিৰ মিলনক্ষেত্ৰ অসম
কিন্তু ইয়ো যে বিভিন্ন সমস্যাৰে জৰ্জৰিত।
চাৰিওফালে শুনো জীৱশ্ৰেষ্ঠ মানুহে মানুহৰ
ওপৰত কৰা বৰ্বৰ অত্যাচাৰৰ কথা
কেনেকৈ থাকিব অসমৰ গৌৰৱৰ ৰূপ গাথাঁ !
মাজৰাতি নিজানত ধৰ্ষিতা নাৰীৰ বিননি
কেনেকৈ হʼব অসমীয়া নাৰীৰ গৌৰৱৰ কৃতি!!
অসমত সোমাইছে বহুতো বাংলাদেশী
আজি কালি দিনে ৰাতিয়ে 
বোমা ফুটে যেনি-তেনি ; 
অসমৰ মাটিত যʼতে - তʼতে আছে বেদখলকাৰী
আগতকৈ বহুত বাঢ়িল বাইক,চাইকেল,মটৰগাড়ী
অসমত আগতকৈ বাঢ়িল চোৰ - ডকাইট 
বহু ৰাস্তাত এতিয়াও লগোৱা নাই ষ্ট্ৰিট লাইট ।
অসমত আগতকৈ বাঢ়িল প্ৰদূষণ
তথাপি নীৰৱ আজি প্ৰশাসন ।
অসমত বাঢ়িল মহামাৰী , বাঢ়িল কেলেংকাৰী
উগ্ৰপন্থীয়ে পইচা নিয়ে যʼতে-তʼতে মানুহ মাৰি।
অসমত বাঢ়িল বানপানীৰ সমস্যা 
মন্ত্ৰীৰ মুখত নিজ দলৰ যশস্যা
মায়ংৰ বেজে গাই ফুৰে মন্ত্ৰ 
অসমৰ সমস্যাৰ কেতিয়া পৰিব অন্ত ?

শ্ৰী মতী পৰিস্মৃতা দত্ত, শিৱসাগৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)