ধৰিলো হাতত কলম
লিখিবলৈ প্ৰেমৰ কবিতা ।
প্ৰেম স্বৰ্গীয় অনুভূতি
প্ৰেমত সৰু বৰ নাই,
প্ৰেমত জাতি-ভেদ নাই,
প্ৰেমত উচ্চ-নীচ নাই,
প্ৰেম সকলোৰে বাবে সমান।
প্ৰেমত শান্তি একতা বিৰাজমান,
প্ৰেম ৰসাল জীপাল আনন্দ স্বৰূপ,
প্ৰেমতে জীয়াই আছে ভূমণ্ডল,
প্ৰেমৰ বাবেহে সকলো সুন্দৰ,
নহয় নহয় প্ৰেম কোনোকালে পণ্য,
প্ৰেম মানৱ হৃদয়ৰ পৰা নিগৰিত ,
খৰস্ৰোতা অমৃতৰ নদী
যি নদীয়ে কলুষিত , আবৰ্জনা, মলিনতা
উটুৱাই
নিজে সদায় স্বচ্ছতা অটুট ৰাখে,
সেয়েহে প্ৰেম সদায় নিৰ্মল ,পবিত্ৰ গংগাৰ দৰে।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ