ৰাজপথ-বসন্ত ওজা

©Admin
0
ৰাজপথেৰে অহাযোৱা
কৰে জনতা যান বাহন
     ৰাজপথ দুৰ্ঘটনা আৰু
      মৃত্যুৰ দুৱাৰ দলি ।
দেখিছো কত কতজনৰ
হেৰাইছে দেহৰ অংগ
     কতজন গৈছে শূন্যলৈ
      ধৰাধাম এৰি ।।
কোনোবাই মনৰ দুখত
কৰিছে আত্মশ্লাঘা
     কাৰোবাৰ ঘটিছে অঘটন ।
কোনোবাই অতিৰিক্ত
পানীয় সেৱন কৰি
      তীব্ৰ বেগেৰে গাড়ী চলাই
        এৰিছে জীৱন ।।
সৌ দিদিনা আৰক্ষী
বিষয়া জোনমনি ৰাভাৰ
     নিমিষতে প্ৰাণবায়ু গ'ল ।
হত্যা নে আত্মহত্যা
নে পতিত দুৰ্ঘটনা
     মনত থাকিল 
        সন্দেহৰ থল ।।
তাৰ আগতেও বিহাৰৰ পৰা
অসমলৈ অহা ৰেল পথত
     দানৱৰ হাতত যুৱকে
       এৰিছিল প্ৰাণ ।
সন্তৰ মাজতে থাকি
দৈত্য দানৱে আজি
     ধৰণীক কৰে অপমান ।।
গুৱাহাটী অভিযান্ত্ৰিক
মহাবিদ্যালয়ৰ সপ্ত ছাত্ৰই
     মাজনিশা ৰাজপথতেই
       মৰণ লভিলে ।
শয়ন খাট ত্যাগ কৰি
কালৰ হংস যানত উঠি
       ৰাজপথলৈ আহিছিল
          কি কাৰণে ??
ৰাজপথ শত্ৰু
ৰাজপথ মিত্ৰ
     ৰাজপথ মৃত্যুৰ দুৱাৰ দলি ।
 "লাইফ অফ এ ড্ৰাইভাৰ"ৰ
দ্ৰষ্টা ৰূপম দত্তই
     সামাজিক মাধ্যমত লিখি
          টোৱালে আঙুলি ।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)