বাপুকণ দাইটি- জ্যোতিষ্ক বৰুৱা

©Admin
0
বাপুকণে নগৰৰ বগেন চহৰীয়া ঘৰৰ পৰা নোদোকা দমৰা গৰুটো দৰ-দাম কৰি অৱশেষত কিনি আনিলে ৷ গৰুটোৰ ডিঙিত পঘাডাল বান্ধি লৈ গাঁৱৰ ঘৰৰ অভিমুখে খেদি খেদি নগৰৰ পকীবাট শেষ হ'বলৈ অলপহে বাকী ৷
মুখেৰে বিৰবিৰাই গৰুটোক কোৱাৰ চলেৰে ক'লে-- ব'ল ব'ল ,আৰু আধাঘন্টাৰ বাট ৷ লাহে লাহে গাওঁখন পালেহি ৷ গাওঁখন শিলগুটিৰ বাট ,গোটেই বাটটো পিচে গৰুটো ঠিকেই আহিল কিন্তু বাপুকণৰ ঘৰলৈ সোমোৱা গলিটোতহে অথন্তৰ লাগিল, সি নাযায়…ৰ'দ নপৰা সেই গলিটো অলপ বোকাময় ৷ যিফালে বোকা সেইফালে দমৰাটোৱে এখোজো নিদিয়ে। যেনে তেনে কাষেৰে যোৱাৰ প্ৰয়াস কৰে ৷ কোনো ৰকম বাপুকণে টনা আজোৰা কৰি তাক ঘৰ সোমোৱালেহি ৷ বাপুকণৰ শ্ৰীমতীয়ে গৰুটোক ঠেং কেইখন পদূলিতে ধুৱাই দিলেহি ৷ বাপুকনেও গৰুটোক গোহালিত বান্ধিৱলৈ বুলি পঘা টানিলে পিছে সি গোহালিত নোসোমায় ৷ গোহালিলৈ টানিলেই যেন চটফটাই, গোহালিলৈ যাৱলৈ যেন তাৰ ইচ্ছা নাই ৷
উপায় নাপায় বাপুকণে টাঙোন এডালে খুঁটি পুতি চোতালতে তাক বান্ধি থ'লে ৷
 গা-পা ধুই বাপুকণেও ঘৰ সোমাল ৷ মানুহজনীক মাত লগালে "বোলো ভাত- পানী হ'লগৈ নেকি ? ৰাতিপূৱা ঘৰৰ গৰুটোৰ লগত আজি কিনি অনা দমৰাটোৰ স'তে জুটি হাল শিকাৱ লাগিব ৷"

"এহ্ হলেই আৰু ৷ বাঢ়িব লৈছোৱেই ৷"
 খোৱা-বোৱা কৰি দুয়ো শুই থাকিল ৷
ৰাতিপুৱা গৰু হালৰ লগতে কান্ধত নাঙল-যুঁৱলি লৈ পথাৰলৈ ওলাল ৷ পথাৰ পায় নতুনকৈ অহা দমৰাই নানামে পথাৰত ৷ যাওঁতেও ৰাস্তাৰ বোকাৰ পিনে খোজ দিৱলৈ দূৰৰে কথা যাৱলৈকে যেন সি টান পায়৷ বহু চেষ্টা কৰিও দমৰাটোক পথাৰত হালখন শিকাবলৈ পথাৰখনত নমাব নোৱাৰিলে ৷
অৱশেষত বিফল আৰু উদাস মন এটি লৈ গৰু হাল লৈ ঘৰলৈ ওভটি আহিল ৷
"হেৰি আপুনি গৈছিলহে, আহিলেই যে ? কিবা গা-মন বেয়া লাগিছে নেকি আপোনাৰ? "
"এহ নকবা আৰু বুজিছানে" বাপুকণে মানুহজনীক সকলো ক'লে ৷
"অ'হ আমাৰ বোৱাৰীজনীৰ দৰেই দেখোন দমৰাটোৰ লক্ষণবোৰ ৷ আমাৰ ডাঙৰ ল'ৰা পোনাকণে বিয়া পাতি এটা সপ্তাহ হ'ল কি নহ'ল, গাঁৱৰ বোকা পানীলৈ ঘিন কৰা বোৱাৰী জনীয়ে নগৰত যি গ'ল আৰু তিনিবছৰেই হ'ল এবাৰো নহা হ'ল; ডাঙৰ পোনাকণকো নেদেখা হ'লো ৷ 
এই গৰুটো ঘূৰাই দিবগৈ বুজিছে ৷ সৰুটো নপঢ়িল বেচিকৈ ,ভালেই হ'ল বুজিছে ৷ নহলে পোনাকণৰ নিচিনাকৈ টাউনত চাকৰি কৰি কোনোবা এজনী চপাই লৈ চহৰমূখীয়া হ'লগৈ হয় ৷ এতিয়া গাওঁৰে এজনী কামজনা ছোৱালী চাই বিয়াখন পাতি দিৱ লাগিৱ বুজিছে ৷ গৰুটো বাৰু বগেন চহৰীয়াক ঘূৰাই দিব পৰা যাব ৷ কিন্তু সৰু পোনাকণক এজনী গাঁৱলীয়া ছোৱালী সোনকালে বিচাৰি আনি নিদিলে টাউনীয়া গৰুৰ দৰে কাহিনী হলে আমাৰ বুঢ়া-বুঢ়ীৰহে বিপদ হ'ব- এহ বোলে গৰু সলাব পাৰি মানুহ সলাব নোৱাৰি।"
অৱশেষত বাপুকনে মূৰ দুপিয়ালে ৷

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)