অভিশাপ- লখিমী শৰ্মা

©Admin
0
ৰীমাৰ বিয়া হোৱা ৭ , ৮ বছৰ হ'বৰ হ'ল ! কিন্তু তাই আজিলৈকে সন্তানৰ মুখ দেখা নাই । তাকেই লৈ ঘৰৰ শাহুয়েকে , ভাই - বোৱাৰীয়েকে , ওচৰ - চুবুৰীয়াই সদায় সদায় তাইক এই কথা কৈ কৈ তাইক মানসিক অশান্তি দি থাকে । ক'ৰবালৈ ওলাই গ'লেও তাইক এই কথাৰ বিষয়ে মানুহবোৰে ৰাস্তাই ঘাটে উলিয়াই তাইক বহুত আঘাত দিয়ে মনত । যদিও এই কথা তাই তাইৰ গিৰিয়েকক কয় , গিৰিয়েকে তেতিয়া তাইক কয় "বাদ দিয়া হে লোকৰ কথা ! কৈ থকা সকলক কৈ থাকিব দিয়া । কাণ নিদিবা তেওঁলোকৰ কথাত ।" এইদৰেই দিনবোৰ বাগৰিব ধৰিলে ।
ঘৰলৈ আলহী আহিলেও আলহীৰ মুখতো সেই একেই কথা । মুঠতে তাই আৰু সেই ঘৰখনত থাকি থাকি সকলোৰে মুখত একেইবোৰ কথাকে শুনি শুনি বলীয়া হ'ব ধৰিছে দিনক দিনে । 
এদিনাখনৰ কথা , 
      তাহাঁতৰ ঘৰলৈ গিৰিয়েকৰ পৰিয়ালৰ মোমায়েক আৰু মামীয়েক আৰু তেওঁলোকৰ ল'ৰা - ছোৱালী দুটা আহিল । কথাৰ প্ৰসংগতে তাইক আকৌ যেতিয়া সন্তানৰ কথা সোধে মামীয়েকে ,তেতিয়া তাইৰ ধৈৰ্য্যৰ সীমা নোহোৱা হ'ব ধৰিলে , তাইৰ খং উঠিল বহুত আৰু খঙৰ ভমকতে তাই বহুত কিবা - কিবি নক'বলগীয়া কথা কৈ দিলে । শাহুয়েকে তেতিয়া তাইক গালি - গালাজ কৰি ক'বলৈ ধৰে , ধমক দি । খঙতে তাই উপায়বিহীন হৈ ভিতৰলৈ সোমাই গৈ নিজৰ ৰুমতে দৰ্জাখন বন্ধ কৰি উচুপি উচুপি কান্দি উঠে মনে মনে । 
সেইদিনা আলহী যোৱাৰ পিছত সন্ধিয়া সময়ত যেতিয়া গিৰিয়েক কামৰ পৰা আহে আৰু যেতিয়া কান্দি থকা দেখা পাইহি তেতিয়া তাইক সোধে কি হ'ল বুলি ! তাই সকলোবোৰ বিৱৰি কয় যদিও গিৰিয়েকে তাইৰ সেই একেই বোৰ কথাত অলপো কাণসাৰ নিদিলে । 

এদিনাখনৰ কথা , তাইৰ গাটো বৰকৈ বেয়া লগাত তাই ডাক্তৰ ওচৰলৈ বুলি গৈছিল । ডাক্তৰজনে হঠাতে তাইক যেতিয়া সুধিলে আপোনাৰ স্বামীৰ স্বাস্থ্য এতিয়া কেনেকুৱা বুলি । তাই অবাক হৈ ৰ'ল ! তাই ক'ব ধৰিলে , ঠিকেই আছে । দুৰ্ভাগ্যবশতঃ তাই যিজন ডাক্তৰ ওচৰত গৈছিল কেইদিনমান আগতে তাই আৰু তাইৰ গিৰিয়েক সেই ডাক্তৰৰ ওচৰলৈ বুলি কিবা পৰীক্ষা কৰিবলৈ বুলি গৈছিল । ডাক্তৰজনে ক'লে , এইখিনি দৰৱ দিছোঁ সময়মতে খাবা ।
   কিছুদিন যোৱাৰ পিছত তাই আকৌ সুস্থ হৈ উঠিল । আৰু সেই আগৰ দৰেই তাইক ইটো - সিটো কৈ কৈ মন মগজু শেষ কৰি দিয়ে নিতৌ কোনোবা নহয় কোনোবাই । 
আন এদিনাখনৰ কথা , সেইদিনা ঘৰত কোনো নাছিল । তাই ঘৰৰ সকলো কাম - বন কৰি আজৰি হৈ নিজৰ কোঠাৰ ভিতৰত আমন - জিমনকৈ মন মাৰি বিচনাতে বহি থাকোঁতে তাইক কোৱা কথাবোৰৰ বিষয়ে ভাবি ভাবি তাইৰ মনত বহুত দুখ লাগি অৱশেষত আত্মহত্যাৰ পথ বাচি লৈ সকলোকে অভিশাপ দি গুচি যায় । 
শাহুয়েক গৰাকীয়ে ঘৰ আহি পাই যেতিয়া বোৱাৰীয়েকক মাত লগাই , বহুবাৰ মাতি থকাৰ পিছত তাইৰ মাত শুনা নাপায় সিহঁতৰ কোঠাত সোমাই গৈ দেখে তাই ওলমি আছিল ফেনখনত । শাহুয়েকে চিঞৰি চিঞৰি কান্দিব ধৰিলে , কান্দি থকা শুনা পাই ওচৰৰ মানুহবোৰ আহি তেওঁতৰ ঘৰত থিয় হৈ পৰিস্থিতিৰ বুজ লয় । তেনেতে শাহুয়েকে ক'বলৈ ধৰে , তেখেত ঘৰত নাছিল বুলি । সন্ধিয়া গিৰিয়েক আহি ঘৰ সোমাই দেখে 
ঘৈণীয়েক ওলমি আছে ফেনত। গিৰিয়েকে তৎক্ষণাতে ফেনৰ পৰা নমাই লৈ তাইৰ গালত হাত বোলাই কান্দি কান্দি মনৰ দুখতে সকলো ব্যক্ত কৰি দিয়াত তেওঁৰ কথাত সকলো অবাক হৈ ৰয় ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)