মানুহ আজি অসহায় -এছ ইছলাম

©Admin
0
মানু্হ আজি অসহায়
জীৱশ্ৰেষ্ঠ মানৱ আজি নিৰুপায়
আকাশে বতাহে প্ৰযুক্তি বিদ্যাৰ অৱদান
তথাপি চলিছে ধ্বংসৰ লেলিহান।

আকাশত উৰে চৰাইৰ দৰে
মাছৰ দৰে পানীত সাঁতোৰে
চন্দ্ৰপৃষ্ঠতো জানো ভূমুকি মাৰে 
নিমিষতে পাৰমাণৱিক অস্ত্ৰৰে
ধ্বংস যজ্ঞ পাতিব পাৰে।

তথাপি মানুহ আজি অসহায়
ক'ৰ'ণা ভাইৰাছৰ সংক্ৰমণ
ফনি আম্ফান ও মোকা
কদাপি নহয় নিয়ন্ত্ৰণ
বানপানীৰ তাণ্ডৱ নৃত্যৰ পৰা
নাপালে অকণো পৰিত্ৰাণ।

প্ৰকৃতিৰ মনোমোহা সৃষ্টি
তালৈ নিদিয়ে সূক্ষ্ম দৃষ্টি
বজ্ৰপাত, ছুনামী, আৰু ভূমিকম্প
এইবোৰলৈ নাখাটে লম্পজম্প।

কিয় আহিছিলোঁ বসুন্ধৰালৈ
কি কাম কৰিলোঁ বিশ্ববাসী লৈ
ক'লৈ বাৰু যাম আত্মীয়-কুটুম থৈ
এনেকুৱা চিন্তা-চৰ্চাৰ সময়ো নাই।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)