গান গোৱা শিল- মৰ্জিনা বেগম

©Admin
0
ব্ৰহ্মপুত্ৰৰ পানীত ডেউকাৰ ছাঁ দেখি
জীৱনৰ ৰংবোৰে দেখোন,
আৱেগৰ মৰমত নিতৌ
গান গাই শিলচটাৰ বুকুত।
শিলচটাই উচুপে নিঃশব্দতাত
উজাগৰী ৰাতিৰ পিছত,
উৰণীৰ তলৰ ছাঁত
জুৰ পেলাই বুকুৰ মৌপিয়াবোৰ।
ভঁঙা পজাৰ শেতেলীত
বিষাদৰ পোছাক সলাই,
সাজিব বিছাৰে অগ্নি অৰণ্য
এডোখৰ শুকান শিলৰ পাহাৰ।

✍️মিছ মৰ্জিনা বেগম, নলবাৰী, চামতা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)