মনৰ বেদনাবোৰ প্ৰকাশ কৰাৰ সুবিধাকণ নোপোৱাৰ বাবেই হয়তোআজি বহুতৰে মনৰ কথা হৃদয়ৰ আন্ধাৰ কক্ষত আবদ্ধ হৈ কক্বকাই আছে । শূণ্যতাৰ বুকুত অজানিতে কেতিয়াবা তেওঁলোকৰ হৃদয় খনে বিনায় মনে মনে । নিজান আকাশৰ তলতে ভগ্ন হৃদয় উচুপি উঠে । প্ৰকাশ কৰিব অনেক কথাৰ বোজাবোৰে যেন তেওঁলোকক আগুৰি ধৰে , আগবাঢ়ি যাবলৈ হেঙাৰ স্বৰূপ হৈ থিয় দিয়ে । ধৰি লওক আপুনি মেট্ৰিকটো পাছ কৰি ভাবিছিলে বিজ্ঞান শাখাত পঢ়িম । কিন্তু, পৰিয়াল বা আন কোনোৰ হেছাত আপুনি কলা শাখাত পঢ়িবলৈ বাধ্য হ'ল । আপোনাৰ সপোন ভাগি গ'ল । আপুনি প্ৰতিবাদ কৰিলে কিন্তু ডাঙৰৰ মাতত আপোনাৰ মাত তল পৰি ৰ'ল । অৱশেষত নিজেই নিচুপ হৈ ৰৈ গ'ল । জানি বুজিও আনৰ সুখৰ বাবে , আনে দিয়া লক্ষ্যৰ বাটেৰে, আনৰ সপোন পূৰ কৰিবলৈ বাধ্য হৈ আগবাঢ়ি যাব লগা হ'ল । আপোনাৰ সকলো জীৱনৰ লক্ষ্য পানীত পৰি উটি গ'ল । শিল যেন হৈ ৰ'ল সেই ভঙা সপোনৰ এবুকু ৰঙীন স্মৃতি । তেতিয়া জানো আপুনি নিজৰ মনটোক সান্তনা দিব পাৰিবনে কেতিয়াবা ? ওহোঁ কেতিয়াও নোৱাৰে । সদায়ে আপুনাৰ মনটো উচুপি থাকিব । প্ৰকাশ কৰিব নোৱাৰিলেও জীৱনটো থকাৰ বাবে জীয়াই থকা যেন অনুভৱ কৰিব । নিজৰ সপোনৰ সমাধি নিজে দি জটিল জীৱনটো পাৰ কৰাটো ইমান সহজ হয়নে বাৰু ? কেতিয়াও নহয় আনৰ সুখৰ বাবে নিজৰ সপোনৰ সমাধি নিজে দি পাইছে নে ? নিজে গভীৰ মানসিক কষ্ট ভুগি এক সহজ জীৱনৰ ৰূপ আনক দেখুৱায়, মুখত এটি কৃত্ৰিম হাঁহি , পিন্ধি ভগ্ন হৃদয়ৰ কৰুণ বেথা লুকুৱাই পাইছেনে ?
✍️শিৱানী বৰুৱা
যোৰহাট
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ