জীৱনত বাৰে বাৰে সুযোগ নাহে । কিন্তু যেতিয়া সুযোগ আহে তেতিয়া তাৰ সুপ্ৰয়োগ কৰিবলৈ শিকক। ন'হলে ভাগ্যক দোষ দিওঁতে গোটেই জীৱনটোৱে পাৰ হৈ যাব গমেই নাপাব। জীৱনত ভাল কাম কৰিবলৈ বা আগবাঢ়ি যাবলৈ এটা সুযোগেই যথেষ্ট । মানুহৰ জীৱনলৈ ভিন্ন সময়ত ভিন্ন ভিন্ন সুযোগ আহে । কিন্তু আমি এইবোৰ আওকান কৰোঁ। যাৰ বাবে হ'ব লগা এটা ভাল কাম আমাৰ হাতৰ পৰা নাইকিয়া হৈ যায় । আৰু তেতিয়া আমি দোষ দিওঁ ভাগ্যক। লুডু খেল খনৰ ডাইচ টোৱে যেনেকৈ আমাক ছয় পেলাই থাকে আৰু সেই ছয় টোক কেন্দ্ৰ কৰিয়ে আমি খেলখন আগবঢ়াই নিব লাগে আৰু অৱশেষত আমাক একৰ প্ৰয়োজন হয় । আৰু এক পৰিলেই আমি খেলখনত জিকি যাওঁ। ঠিক তেনেদৰে কিন্তু জীৱনৰ কোনোৱা এটা ক্ষণত আমাৰ সূযোগ আহিলেই আহিয়ে থাকে। কেৱল আমি সুযোগ গ্ৰহণ কৰিব নাজানো। যিয়ে জানে তেওঁ কেৱল সুযোগ লৈ জীৱনত আগুৱাই যায়।
✍🏻 সংযুক্তা দত্ত ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ