ময়ূৰৰ দৰে
পেখম ধৰিবলৈ,
কিন্তু নোৱাৰিলো।
মই বহুত চেষ্টা কৰিলো
কুলিৰ দৰে
মাত মাতিবলৈ,
কিন্তু নোৱাৰিলো।
মই বহুত চেষ্টা কৰিলো
যাদুকৰৰ দৰে
চমক দিবলৈ,
কিন্তু নোৱাৰিলো।
মই বহুত চেষ্টা কৰিলো
ৰজাৰ দৰে
ভাওঁ দিবলৈ,
কিন্তু নোৱাৰিলো।
মই বহুত চেষ্টা কৰিলো
জন্তুৰ দৰে
নগ্ন হবলৈ,
কিন্তু নোৱাৰিলো।
মাথোঁ পাৰিলো,
বৰষুণত তিতি
চকুপানী লুকুৱাবলৈ;
মাথোঁ পাৰিলো,
মনৰ দাপোনত
নিজক চাবলৈ;
মাথোঁ পাৰিলো,
কোলাহলৰ মাজত
নীৰৱে থকিবলৈ;
মাথোঁ পাৰিলো,
সকলো দেখিও
চকু মুদি থাকিবলৈ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ