পোন প্ৰথমে পত্ৰৰ দ্বাৰা মোৰ
আন্তৰিক মৰম ল'বা। বৰ্তমানে মই ভগবানৰ কৃপাত আৰু তোমালোকৰ শুভাৰ্শীবাদত
ভালে কুশলে আছোঁ। আশা কৰো তোমাৰ পৰিয়ালৰ সকলোকে সেই একেজন পৰম
পিতা ভগবানে ভালে কুশলে ৰাখিছে বুলি। এই চিঠিখন মই তোমাক ছমাহৰ আগতে
লিখিম বুলি ভাবি আছিলোঁ পিছে কি ক'বা
সময় নাপাওঁ লিখিবলৈ। ঘৰত কিবা নহয়
কিবা কৰি থাকিব লগীয়া হয়।তুমিতো জানাই
আমাৰ নিচিনা দুখীয়া দৰিদ্ৰ পৰিয়ালৰ লোক সকলে আজিৰ দিনত চৰকাৰী চাকৰি বাকৰী
নাথাকিলে ঘৰ পৰিয়াল পৰিচালনা কৰিবলৈ কিমান সমস্যাৰ সন্মুখীন হ'ব লগীয়া হয়। দিনক দিনে বস্তু বাহানি উপভোগ্য সকলো
সামগ্ৰীৰ জুই চাই দাম । গাঁও সমাজত কাম বন নোহোৱা হৈছে। পঢ়া-শুনা কৰি থকা ল'ৰা ছোৱালী বোৰৰ মাহেকত বিদ্যালয়ত দিবলগীয়া মাচুল
পৰিশোধ কৰিবলৈও কেতিয়াবা হাতত পইচা
নাথাকে।সময়ত পইচা দিব নোৱাৰি বিদ্যালয়
কতৃপক্ষৰ ফালৰপৰাও কেতিয়াবা দুটা মান
টান কথা শুনিব লগীয়া হয়। উপায় নাই --
কপালৰ দোষ---। যিয়েই নহওক কিয় দুখ
কষ্ট সকলো পাহৰি হাঁহি মুখে জীয়াই থাকিবলৈ শিকিব লাগে। যোৱাবেলি দশম
মান শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল চেবা বোৰ্ডে ঘোষণা কৰিলে। আমাৰ গাঁৱৰ কেইবাজনো
ছাত্ৰ-ছাত্ৰী পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হ'ল।
প্ৰথম বিভাগত সাতজন উত্তীৰ্ণ হ'ল।তাৰেই দুজনে অসমৰ ভিতৰতে প্ৰথম আৰু দ্বিতীয়
স্থান পালে।আন দুজনে ডিষ্টিংচন,এজনে ষ্টাৰ মাৰ্ক,৭৮ শতাংশ নম্বৰ পালে চল্লিশ জনে দ্বিতীয় বিভাগত তাৰে কিছুমানে এটা দুটা বিষয়ত লেটাৰ মাৰ্ক পালে বাকী আঠ ন জন মানে
তৃতীয় বিভাগত উত্তীৰ্ণ হৈ গাওঁ খনলৈ সুনাম
কঢ়িয়াই আনিছে। এতিয়াও গাওঁ খনলৈ সাংবাদিক আহি অন্তৰবাৰ্তা গ্ৰহণ কৰি সিহঁতৰ কৃতকাৰ্যতাৰ সফলতাৰ আঁৰত লুকাই থকা
সকলো ঘটনাৰ তথা গ্ৰহণ কৰি বাতৰিত প্ৰকাশ কৰি আছে। গাওঁ খনৰ খৱৰ বহুত ভাল সকলোৰে মুখত এতিয়া হাঁহি বিৰিঙাইছে। আমাৰ দেখোন এতিয়াও সৰু শ্ৰেণীতে আছে।অহা পাঁচ বছৰৰ পাছতহে প্ৰৱেশিকা
পৰীক্ষাত বহিব।এতিয়াৰ পৰাই ইহঁতৰ ভবিষ্যতৰ বিষয়ে যদি চিন্তা কৰা নাযায় তেন্তে কোনে চিন্তা কৰি দিব? আজিকালি যিকোনো মহাবিদ্যালয়ত নামভৰ্তি কৰিবলৈ হ'লে উচ্চমান নম্বৰৰ প্ৰমাণ পত্ৰ
হ'লেহে নাম ভৰ্তি কৰিবলৈ
পোৱা যায়। নহ'লে আসন
পোৱা নাযায়। সেয়েহে সুনীতি তোমাৰ পুত্ৰ কন্যাৰ
পঢ়া শুনা ভালেই চলি আছে বুলি মধুৰামৰ মুখৰ পৰা শুনিবলৈ পাইছিলো ।ভাল কথা। আমাৰ বাবে এতিয়া ল'ৰা
ছোৱালীবোৰহে আচল ধন। সেয়েহে নিজৰ ল'ৰা ছোৱালীবোৰৰ শিক্ষা, দীক্ষা,সমাজ,ভাষা, সংস্কৃতি , দেশপ্ৰেম , নৈতিকতা ,খেলাধুলা আদি সকলো দিশতে আগুৱাই লৈ যোৱাটো প্ৰতিজন অভিভাৱকৰ পৰম কৰ্তব্য ও দায়িত্ব হয় বুলি মই ভাবো। গতিকে সুনীতি এই সকলো ক্ষেত্ৰতে তোমাৰ আমাৰ কৰ্তব্য বহুত বেছি বুলি মই ক'ব বিচাৰোঁ। তুমি অন্তৰ হৃদয়ৰ বুলিহে এই কেইটা কথা চিঠিৰ যোগেদি ক'লো হয়তো সকলোৰে নিজৰ নিজৰ
ধ্যান ধাৰণা,বিচাৰ , বিবেচনা কৰা শক্তি আছে
গতিকে মোৰ কথাটো মানিবই লাগিব ইয়াত কোনো ধৰাবন্ধা নাই। যদি তুমি ভাল বুলি ভাবা তেতিয়া উত্তৰ পোৱাৰ আশা কৰিলো।আজিলৈ ইমানতে মোৰ কথাক বিৰতি দিব বিচাৰোঁ।
ইতি
তোমাৰ মৰমৰ
সুহৃদ
যুৱৰাজ বাচকোটা
চতিয়া, বিশ্বনাথ, অসম।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ