তােমাৰ সেমেকা দুচকুৰ পতা মচি ৰাখিবলে মই নাছিলাে সেই পদূলিত ৰৈ।
কিন্তু যেতিয়া তুমি নদী হৈ ধৰালৈ ধাপলি মেলিছিলা মই সেই পাৰৰ বিৰিণা হৈ তােমাক ৰৈ আছিলাে।
তােমাৰ বুকুত বিলীন হʼম আৰু তােমাৰ দীঘলীয়া যাত্ৰাৰ এটি প্ৰেমৰ কবিতা লিখিম।
বিৰক্তি মনৰ ডাৱৰ খিনি মচি ৰাখিম,
ধুমুহাৰ সংকেত পালে কােলাহল এখন জীৰ্ণ ৰে'লৰ দৰে
পখীৰ মাতেৰে
মনৰ গীত গাম।
জানা বৰষা আস্তাহিন দুৱাৰৰ যান্ত্ৰিকতা বাটত নাই মােৰ অভিমানৰ বাৰ্তা।
কাৰণ তােমাৰ প্ৰত্যক্ষ দুৱাৰৰ প্ৰতিতাে খোজত মােৰ যে অলেখ শব্দৰে মৌন প্ৰাৰ্থনা,এটি সুন্দৰ দিন আৰু সু-স্বাস্থ্যৰ বাবে।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ