প্ৰান্তে প্ৰান্তে প্ৰশান্তিৰ প্ৰত্যাশা
নশ্বৰ নমনীয় নগুৰ নাগতি
জটিল জঞ্জাল জঙ্গম জুগুস্পা
লঠঙা লোকাৰণ্যত লঘিষ্ঠ ললাট
কুটিল কণ্ঠৰোধ কৰাঘাত
মাহেন্দ্ৰক্ষণৰ মহাপ্ৰস্থান
ৰমণীয় ৰম্যপুৰী ৰসাতলৰ ৰূপান্তৰ
না মঞ্জুৰ নায়কৰ নাকনি কাকনি
থকা সৰকা থলুৱা থান ।
প্ৰতিহিংসাৰ পৰিকল্পনা পাহৰি
প্ৰতিশোধৰ পকনীয়া পৰিত্যাগী
প্ৰতিজনে প্ৰতি পল
প্ৰজ্ঞাৰ প্ৰদীপ জ্বলাই কৰোঁ
প্ৰীতিৰ প্ৰাঞ্জল পৰিশীলন ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ